Voice of Eastern India

Barpeta District Jail: বৰপেটা জিলা কাৰাগাৰৰ ভিতৰত গুলীৰ শব্দ


Barpeta District Jail: বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু কৰ্তৃপক্ষৰ মাজত সংঘাত

২ অক্টোবৰ, শুকুৰবাৰে বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু কৰ্তৃপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কৰ্তৃপক্ষই শূন্যলৈ তিনিজাই গুলীচালনা কৰা বুলি জানিব পৰা গৈছে (Barpeta District Jail)।

প্ৰাথমিক তথ্য অনুসৰি, সহকাৰী কাৰাগাৰ অধীক্ষক কিশোৰ হালৈৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ তুলি কয়দীসকলে প্ৰতিবাদ কৰিছিল। পিছত সেই প্ৰতিবাদে উত্তপ্ত ৰূপ লয় (Barpeta District jail firing)।

অভিযোগ অনুসৰি, একাংশ কয়দীয়ে হালৈক শাৰীৰিকভাৱে আক্ৰমণ কৰে। লগতে কাৰাগাৰৰ ভিতৰৰ দ্বিতীয়খন গেট পাৰ হৈ ওলাই যাবলৈ চেষ্টা কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই শূন্যলৈ তিনিজাই গুলীচালনা কৰে। ইয়াৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ লাভ কৰি বৰপেটাৰ জিলা আয়ুক্ত নৱদীপ পাঠক আৰক্ষীৰ এটা দলৰ সৈতে কাৰাগাৰ চৌহদত উপস্থিত হয়। কাৰাগাৰৰ চাৰিওফালে নিৰাপত্তাও বৃদ্ধি কৰা হৈছে।

এই ঘটনাত কিমানজন কয়দী জড়িত আছিল বা কোনো লোক আহত হৈছে নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সংঘাতৰ মূল কাৰণ সন্দৰ্ভতো চৰকাৰীভাৱে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। জিলা প্ৰশাসন আৰু কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।

লগতে পঢ়ক: Himanta Biswa Sarma convoy: মুখ্যমন্ত্ৰীৰ কনভয় চলাচলক লৈ কঠোৰ নিৰ্দেশনা



Source link

Leave A Reply

Your email address will not be published.