Assam wildlife conservation: বেদখলমুক্ত সোণাই-ৰূপাইত পুনৰ হাতীৰ বিচৰণ, সংৰক্ষণৰ সফলতাত মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য
অসমৰ শোণিতপুৰস্থিত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কেইবা দশক ধৰি বেদখলত থকা ভূমি উদ্ধাৰ কৰাৰ পিছত সেই অঞ্চলসমূহত হাতীসহ অন্যান্য বন্যপ্ৰাণীয়ে মুক্তভাৱে বিচৰণ কৰিবলৈ আৰম্ভ কৰিছে। দেওবাৰে, ২৭ ছেপ্টেম্বৰত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam wildlife conservation)।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ত অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে (PM Modi Mann Ki Baat Assam)।
‘এক্স’ত এটা পোষ্টযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কেইবা দশক ধৰি বেদখলত থকা অঞ্চলসমূহ উদ্ধাৰ কৰি প্ৰকৃতিৰ বাবে মুকলি কৰা হৈছে আৰু সোণাই-ৰূপাইত বন্যপ্ৰাণীৰ বাসস্থান পুনৰুদ্ধাৰৰ কাম চলি আছে (Sonai Rupai encroachment)।
তেওঁ কয়, “সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত সংঘটিত হোৱা এই পৰিৱৰ্তন আমাৰ হৃদয়ৰ অতি আপোন।” উদ্ধাৰ কৰা ভূমিত হাতী আৰু অন্যান্য বন্যপ্ৰাণীৰ পুনৰ বিচৰণ আৰম্ভ হোৱাটো সংৰক্ষণৰ ক্ষেত্ৰত অগ্ৰগতিৰ এক উল্লেখযোগ্য নিদৰ্শন বুলিও তেওঁ উল্লেখ কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিশ্বৰ অন্যতম বিৰল স্তন্যপায়ী প্ৰাণী পিগমি হগ সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ প্ৰচেষ্টাৰ কথাও উল্লেখ কৰে। এবাৰ বিলুপ্তিৰ সীমাত উপনীত হোৱা এই প্ৰজাতিটোৰ সংখ্যা এতিয়া সংৰক্ষণৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত প্ৰায় ২০০লৈ বৃদ্ধি পোৱা বুলি তেওঁ কয়।
তেওঁ জনায় যে বৈজ্ঞানিক প্ৰজনন, বাসস্থান পুনৰুদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ লগতে নিৰন্তৰ সংৰক্ষণমূলক পদক্ষেপৰ জৰিয়তে পিগমি হগৰ সংখ্যা বৃদ্ধি কৰা সম্ভৱ হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে এই সংৰক্ষণৰ সফলতাৰ বাবে চৰকাৰ, বিজ্ঞানী, সংৰক্ষণবিদ, বন বিভাগৰ কৰ্মী আৰু স্থানীয় লোকসকলৰ সমন্বিত প্ৰচেষ্টাক কৃতিত্ব দিয়ে।
তেওঁ কয় যে অসমৰ বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষিত কৰি ৰখাটো ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি আমাৰ দায়িত্ব। বেদখলৰ পৰা ভূমি উদ্ধাৰ কৰা আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলিও তেওঁ উল্লেখ কৰে।
তেওঁ কয়, “বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি মোৰ কৃতজ্ঞতা।”
লগতে পঢ়ক: প্ৰযুক্তিৰ পৰা K-Popলৈ… দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
