Voice of Eastern India

Assam train derailment updates: দুৰ্ঘটনাৰ পূৰ্বে ইঞ্জিনৰ ভিতৰত কি ঘটিছিল? পোহৰলৈ আহিল ভয়ংকৰ ভিডিঅ’


Assam train derailment updates: নিয়ন্ত্ৰণহীন ৰে’ল, অসহায় লোকো পাইলট! ডিগাৰু দুৰ্ঘটনাৰ ভয়ংকৰ ভিডিঅ’ ভাইৰেল।

গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ডিগাৰুত বুধবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ছাইৰাং-কলকাতা এক্সপ্ৰেছৰ ইঞ্জিনসহ পাঁচটাকৈ দবা লাইনচ্যুত হয়। এই ঘটনাত চাৰিজন যাত্ৰী সামান্যভাৱে আহত হৈছে। আহতসকলক চিকিৎসা প্ৰদান কৰা হৈছে (Assam train derailment updates)।

দুৰ্ঘটনাৰ পাছতে পোহৰলৈ আহিছে ৰে’লখনৰ ইঞ্জিনৰ ভিতৰৰ এটা ভিডিঅ’। দুৰ্ঘটনাৰ মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে ৰেকৰ্ড কৰা এই ভিডিঅ’টোত লোকো পাইলটৰ অসহায় অৱস্থা স্পষ্ট হৈ পৰিছে। ৰে’লখনৰ ব্ৰেক বিকল হোৱা বুলি তেওঁ কোৱা শুনা গৈছে।

ভিডিঅ’টোত দেখা অনুসৰি, তীব্ৰ বেগত আগবাঢ়ি গৈছে ৰে’লখন। ৰে’লখন ৰখাবলৈ লোকো পাইলটে আপ্ৰাণ চেষ্টা চলাইছে যদিও কোনো কামত অহা নাই ব্ৰেক। নিয়ন্ত্ৰণহীনভাৱে আগবাঢ়িছে ৰে’লখন। ইফালে, ইঞ্জিনৰ সন্মুখৰ কাঁচেৰে ৰে’লপথৰ কাষত ৰঙা সংকেতবাতিও দেখা গৈছে (Assam Digaru Train Accident)।

‘গতি কমা নাই, ৰে’লখন ৰখাব পৰা নাই’—ভিডিঅ’টোত লোকো পাইলটৰ কণ্ঠত শুনিবলৈ পোৱা যায় এই অসহায় স্বীকাৰোক্তি। ৰঙা সংকেত থকাৰ লগতে জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰিও কোনো সুফল পোৱা নাই বুলি তেওঁ জনায়। অৱশেষত নিয়ন্ত্ৰণ হেৰুৱাই লাইনচ্যুত হয় ৰে’লখন।

এই দুৰ্ঘটনাৰ ফলত ৰে’লখনত থকা পশ্চিমবংগৰ ৩০০ৰো অধিক যাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে। যাত্ৰীসকলৰ সহায়ৰ বাবে ৰে’ল বিভাগে বিভিন্ন ষ্টেচনত হেল্পডেস্ক স্থাপন কৰিছে (Kolkata Sairang Express derailment)।

জানিব পৰা মতে, কলকাতা, নৈহাটী, কৃষ্ণনগৰ, মালদা আৰু কাটিহাৰ সংমণ্ডলৰ বিভিন্ন ষ্টেচনৰ পৰা পশ্চিমবংগৰ ৩০০ৰো অধিক যাত্ৰীয়ে ৰে’লখনত উঠিছিল। তেওঁলোকৰ গন্তব্যস্থান আছিল গুৱাহাটীৰ সিপাৰৰ বিভিন্ন ঠাই।

যাত্ৰীসকলৰ লগতে পৰিয়ালৰ লোকসকলেও যাতে প্ৰয়োজনীয় তথ্য আৰু সহায় লাভ কৰিব পাৰে, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিয়ালদহ, আলিপুৰদুৱাৰ, নৈহাটী আৰু বেৰহামপুৰ ক’ৰ্ট ষ্টেচনত হেল্পডেস্ক মুকলি কৰা হৈছে। ঘটনাটোত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি জানিব পৰা গৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী মুখপাত্ৰই সদৰী কৰা মতে, কামৰূপ মহানগৰ জিলাৰ ডিগাৰু ৰে’ল ষ্টেচনত প্ৰৱেশ কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। সেই সময়ত লোকো পাইলটে আন এখন ৰে’লক আগতে পাৰ হৈ যাবলৈ সুযোগ দিছিল। কিন্তু নিজৰ ৰে’লখনৰ গতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়।

ইফালে, দুৰ্ঘটনাৰ পাছতে যাত্ৰীসকলক উদ্ধাৰ কৰি আন এখন ৰে’লৰ জৰিয়তে নিজ নিজ গন্তব্যস্থানলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে। দুৰ্ঘটনাস্থলীত ৰে’ল বিভাগৰ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে।

লগতে পঢ়ক: Tengakhat Oil India Blast: টেঙাখাতৰ অইল ইণ্ডিয়াৰ অগ্নিকাণ্ডত মৃত্যুৰ সংখ্যা ৫জনলৈ বৃদ্ধি



Source link

Leave A Reply

Your email address will not be published.