ৰাষ্ট্ৰীয় অযোধ্যানন্দন জন্মোৎসৱ কাশী হিন্দু বিশ্ববিদ্যালয়ত
ৰাজীৱ হৰি কৌশিকৰ প্ৰচেষ্টাক শলাগ দেশজুৰি

ABKK কামৰূপ, গুৱাহাটী, ৬ জুলাই :- অহা ২৫ জুলাইত উত্তৰ প্ৰদেশৰ কাশী হিন্দু বিশ্ব বিদ্যালয়ৰ চৌহদত আয়োজিত দ্বিতীয় ৰাষ্ট্ৰীয় অযোধ্যানন্দন জন্মোৎসৱ ২০২৬ ৰ ৩ সংখ্যক “সীতা সেন্দূৰ” শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা সভাত অসমৰ পৰা চাৰিগৰাকী বিশিষ্ট ব্যক্তিক বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্রণ জনোৱা হৈছে বুলি ঘোষণা কৰিছে লুইত জিষ্ট কমিউনিকেশ্বনৰ সচিব ৰাজীৱ হৰি কৌশিকে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানলৈ আমন্ত্রণ জনাইছে কেইবাগৰাকী উত্তৰ প্ৰদেশৰ কাশী, অযোধ্যা আৰু চিত্ৰকূটৰ বিশিষ্ট ৰামায়ণী গৱেষক, পণ্ডিত তথা সাধু-সন্তক।
অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব অধ্যাপক ডঃ ভৱৰঞ্জন শৰ্মা, পৰীক্ষা নিয়ন্ত্রক, অসম দক্ষতা বিশ্ববিদ্যালয়, গুৱাহাটী, গুপ্তজিৎ পাঠক, সহকাৰী অধ্যাপক, বুৰঞ্জী বিভাগ, গীতানগৰ মহাবিদ্যালয়, গুৱাহাটী, সন্ত তুলসী উপাধ্যায়, চিলাপথাৰ, ড° দেৱযানী ভট্টাচার্য, শিলচৰ; ৰামায়ণী সাহিত্য গৱেষিকা তথা অনুবাদক আদি। আনহাতে আমন্ত্রিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ডঃ সঞ্জীৱ কুমাৰ সিং; পুৰাতাত্ত্বিক তথা সংগ্ৰহালয় বিজ্ঞানী, সঞ্চালক, পৰিচালক পৰামৰ্শদাতা, আন্তর্জাতিক ৰামকথা সংগ্ৰহালয়, শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ, ড° কৰুণা শংকৰ দ্বিবেদী, মুখ্য সম্পাদক, ৰাষ্ট্ৰীয় ৰামায়ণ মেলা, চিত্ৰকূট ধাম, উত্তৰ প্ৰদেশ, কাশীৰ প্ৰধান ৰামায়ণ কেন্দ্ৰসমূহ-তুলসী ঘাট, তুলসী মানস মন্দিৰ, ৰামনগৰ দুৰ্গ, সংকট মোচন মন্দিৰ আদিৰ বিশিষ্ট কৰ্মকৰ্তাসকল, লগতে কাশী হিন্দু বিশ্ব বিদ্যালয়ৰ ছাত্র সংগঠনসমূহৰ নেতৃত্ববৃন্দ।
উক্ত অনুষ্ঠানত কাশীৰ প্ৰবাসী অসমীয়া সমাজৰ সামাজিক অনুষ্ঠানসমূহৰ প্ৰতিনিধি সকল আৰু কাশীৰ স্থানীয় লোকসকলৰ পৰামৰ্শ অনুসাৰে কেইগৰাকীমান বিশিষ্ট লোকক অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হ’ব। ইয়াৰোপৰি ২৬ জুলাই তাৰিখে কাশীত ভাৰতৰত্ন ড° ভূপেন হাজৰিকা আৰু অসমীয়া ভাষা-সাহিত্য-কলা-সংস্কৃতিৰ হিয়াৰ আমঠু প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব বুলি জানিব পৰা গৈছে।
