বড়ো চিনেমা চিংখাই’ৰ প্ৰযোজক মমতা মহিলাৰীলৈ Pride of Bodo Cinema Award সন্মান
বলীউডৰ অভিনেত্ৰী প্ৰীতি জাংগিয়ানীয়ে সন্মানীত কৰে মমতা মহিলাৰীক

“চিংখাই” চলচ্চিত্ৰৰ প্ৰযোজক মমতা মহিলাৰীলৈ প্ৰাইড অৱ বড়ো চিনেমা এৱাৰ্ড প্ৰদান
বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জাংগিয়ানীয়ে প্ৰদান কৰে এই বঁটা
“চিনখাই” শীৰ্ষক বড়ো ভাষাৰ চলচ্চিত্ৰৰে জনগোষ্ঠীটোৰ কৃষ্টি- সংস্কৃতিৰ লগতে ঐতিহ্যমণ্ডিত প্ৰথা পৰম্পৰাক বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ সক্ষম হোৱা প্ৰযোজক মমতা মহিলাৰীলৈ প্ৰাইড অৱ বড়ো চিনেমা এৱাৰ্ড প্ৰদান সপ্তম এচিয়ানেট আইকন এৱাৰ্ড। ষ্টাৰ ইভেন্ট মঞ্চৰ উদ্যোগত আইটিএ সাংস্কৃতিক প্ৰকল্প মাছখোৱা প্ৰেক্ষাগৃহত ২ জুলাইৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰে অভিনেত্ৰী প্ৰীতি জাংগিয়ানীয়ে।
চাৰন্টাই প্ৰডাকচনৰ জৰিয়তে “চিনখাই” শীৰ্ষক বড়ো ভাষাৰ চলচ্চিত্ৰৰে জনগোষ্ঠীটোৰ কৃষ্টি- সংস্কৃতিৰ লগতে ঐতিহ্যমণ্ডিত প্ৰথা পৰম্পৰাক বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ সক্ষম হোৱা প্ৰযোজক মমতা মহিলাৰীলৈ প্ৰাইড অৱ বড়ো চিনেমা এৱাৰ্ড প্ৰদান কৰে সপ্তম এচিয়ানেট আইকন এৱাৰ্ড।
বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী প্ৰীতি জাংগিয়ানী, জ্যেষ্ঠ শিল্পী মনিষা হাজৰিকা, বেডমিন্টন খেলুৱৈ কাচে টেৰণপী, সু-সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্য, কবি লেখিকা ড° মধুমিতা শইকীয়া, অভিনেত্ৰী অনিন্দিতা দাস, জনগোষ্ঠীয় নেতা ড° অৰিন্দম প্ৰিন্স পাংগিং, উদ্যোক্তা শ্বাহৰুখ আলি খান, অভিনেত্ৰী কিংকিনী গোস্বামী, হেলিনা দৈমাৰী, সুনিতা কৌশিক, প্ৰিয়ংকা বৈশ্য, ফেইৰী প্ৰিয়া আহমেদ, মডেল কৰিশ্মা হাজৰিকা, মমী ডেকা, পৰিচালক ৰাজা দৈমাৰী, ফেশ্বন ডিজাইনাৰ দিপাংকৰ কাশ্যপ, ৰিচা ৰাভা, মেঘনা ৰায় মেধি, কন্টেন্ট ক্ৰীয়েটৰ ভূষণ পাঠক, মধুস্মিতা শৰ্মা, ৰিপুন-পূজা, সুচিকিৎসক ডাঃ মৃগাংক দেউৰী ভৰালী, অভিনেতা বুকুল নাৰ্জাৰী, ৰাজ চাংমা আৰু বহু তাৰকা অভিনেতা- অভিনেত্ৰী, শিল্পী কলা-কুশলীৰ উপস্থিতিত ক্ৰীয়েটীভ ডিৰেক্টৰ মমতা মহিলাৰীক এই পুৰস্কাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে, মহিলা সমাজকৰ্মী তথা চলচ্চিত্ৰ নিৰ্মাতা মমতা মহিলাৰীৰ বড়ো ভাষাত নিৰ্মিত “চিংখাই” খনে বড়ো সমাজৰ মাজত সমাজ সংস্কাৰকৰ ভূমিকা পালন কৰি আহিছে আৰু স্বকীয় পৰিচয় তুলি ধৰাত সাৰ্থক লাভ কৰিছে।
ঠিক তেনেদৰে ড° ভবেন্দ্ৰনাথ শইকীয়াৰ গল্প “মৰমৰ দেউতা” খনি অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰাই এগৰাকী সফল প্ৰযোজক আৰু ক্ৰিয়েটীভ ডিৰেক্টৰ হিচাপেও সমাদৃত মমতা মহিলাৰী। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষা বিভাগৰ সঞ্চালক দধীৰাম ব্ৰহ্মৰ সুযোগ্য কন্যা মমতা মহিলাৰী বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সভাপতিত্বত চলি থকা এবছুৰ সাংস্কৃতিক বিভাগৰ প্ৰাক্তন সম্পাদিকা আছিল।
দাদাচাহেব ফাল্কে ফিল্ম পুৰস্কাৰ অৱ ইণ্ডিয়াৰে বিভূষিত “চিনখাই” চিনেমাৰ প্ৰযোজক মমতা মহিলাৰীয়ে অসমীয়া কৃষ্টি – সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে পোন প্ৰথমবাৰৰ বাবে ৰং বসন্ত উৎসৱ, ৰঙালী মেলা ইত্যাদি নামেৰে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসম তথা বৰোদাত আৰম্ভ কৰিছিল যদিও এই উৎসৱ পিছত বহুতে বিভিন্ন ৰূপত কৰি আহিছে। বৃহত্তৰ অসমীয়া কৃষ্টি- সংস্কৃতিৰ লগত জড়িত চলচ্চিত্ৰ নিৰ্মাতা প্ৰয়োজক মমতা মহিলাৰীৰ এনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাফল্যত অভিনন্দন জ্ঞাপন কৰিছে ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেচন অসমৰ সভাপতি মাৰ্কোচ বসুমতাৰী, চলচ্চিত্ৰ নিৰ্মাতা ড° ৰাজীৱ দলৈ, সাংবাদিক নৱ শৰ্মা, ইউনাইটেড বড়ো পীপলছ ফেডাৰেচনৰ সভাপতি ড° বাবু বড়ো, যুৱ সমাজকৰ্মী ধৰ্মেশ্বৰ উজিৰ আৰু অসম লুতাদৰ কাৰ্যবাহী সম্পাদক জোনমণি য়েইন পাংগিঙে।


