Voice of Eastern India

ৰয়েল পেগুৰ সূৰ্য সম্ভৱা সময় উন্মোচন

এ.বি.কে.কে, জোনাই,৩ জুলাই :- লেখক-কবি , সাংবাদিক ৰয়েল_পেগুৰ কবিতা পুথি “সূৰ্যসম্ভৱা সময়” জ’নাই প্ৰেছ ক্লাবত আনুষ্ঠানিকভাবে উন্মোচন কৰে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ দলে আৰু জ’নাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাজেশ্বৰ পেগুৱে।

অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক, কবি সাহিত্যিক তথা প্ৰকৃতিপ্ৰেমী সংগঠক ৰয়েল পেগুৰ কবিতাৰ ওপৰত মননশীল আৰু সাৱলীল ভাৱৰ বিষয়ে চমুকৈ আলোকপাত কৰে কবি সাহিত্যিক ড° দীপক কুমাৰ দলেয়ে। অনুষ্ঠানত জোনাই প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক, ন-পূৰণি লেখক-লেখিকা, সমাজকৰ্মী তথা বিভিন্ন দল-সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰা দেখা গ’ল।

Leave A Reply

Your email address will not be published.