গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত নলবাৰী কাণ্ডৰ ভুক্তভোগী মৃদুমুদ্ৰা ডেকাই শেষ নিশ্বাস ত্যাগ কৰে
নলবাৰী জিলাত সংঘটিত এক জঘন্য আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্যখনক জোকাৰি যোৱাৰ এমাহতকৈও অধিক সময়ৰ পিছত, আজি ৩ জুলাইত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ১৮ বছৰীয়া মৃদুমুদ্ৰা ডেকাই শেষ নিশ্বাস ত্যাগ কৰে ।
এমাহজোৰা জীৱন যুদ্ধৰ অৱসান :
যোৱা ৩০ মে’ৰ নিশা মুকালমুৱাৰ অন্তৰ্গত গংগাপুৰত সংঘটিত হোৱা এই আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ছাত্ৰীগৰাকী । তেতিয়াৰে পৰা মৃদুমুদ্ৰাই GMCH-ৰ অতিশয় জৰুৰীকালীন কক্ষত চিকিৎসাধীন হৈ আছিল । এমাহতকৈও অধিক সময় ধৰি চিকিৎসকে চলোৱা চেষ্টাৰ পিছতো অৱশেষত আজি তেওঁ জীৱন যুদ্ধত হাৰ মানে । উল্লেখ্য যে এই একেটা আক্ৰমণতে মৃদুমুদ্ৰাৰ সম্পৰ্কীয় ভাতৃ তথা ১৯ বছৰীয়া মাধুৰ্য বৰ্মন নামৰ আন এজন যুৱকৰ থিতাতে মৃত্যু হৈছিল । চামতাৰ বালিপথাৰৰ বাসিন্দা মাধুৰ্যই পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।
কেনেকৈ ঘটিছিল এই ঘটনা?
ঘটনাৰ দিনা মৃদুমুদ্ৰা আৰু মাধুৰ্যই স্কুটীৰে নলবাৰী চহৰৰ পৰা ঘৰলৈ উভতি আহিছিল । তেনে সময়তে গংগাপুৰত ৰোজ আলী নামৰ দুৰ্বৃত্তটোৱে তেওঁলোকক আধাবাটতে ভেটি ধৰি চোকা অস্ত্ৰৰে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল ।
পাছত পথৰ কাষত তেওঁলোকক ক্ষত-বিক্ষত আৰু ৰক্তাক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰা হয় । মাধুৰ্যক ঘটনাস্থলীতে মৃত ঘোষণা কৰা হয় যদিও মৃদুমুদ্ৰাক সংকটজনক অৱস্থাত প্ৰথমতে স্থানীয় চিকিৎসালয়লৈ আৰু পিছলৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ GMCH-লৈ প্ৰেৰণ কৰা হৈছিল ।
ৰাইজৰ ক্ষোভ আৰু আৰক্ষীৰ এনকাউণ্টাৰ:
এই ঘটনাই সমগ্ৰ অসমতে তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছিল । স্থানীয় ৰাইজ, ছাত্ৰ সংগঠন তথা বিভিন্ন দল-সংগঠনে দোষীৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । আনহাতে, একাংশই এই ঘটনাৰ আঁৰত “লাভ জেহাদ”ৰ সম্পৰ্ক থকা বুলি অভিযোগ তুলিছিল । ইফালে, ঘটনাৰ মূল অভিযুক্ত ৰোজ আলীক মুকালমুৱাত অসম আৰক্ষীয়ে চলোৱা এক এনকাউণ্টাৰত মৃত্যু হয় । আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তেই সংঘটিত হৈছিল এই এনকাউণ্টাৰ ।
মৃদুমুদ্ৰাৰ মৃত্যুৰ পিছতে এতিয়া ৰাজ্যৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়ক : ডিমা হাচাওৰ জাটিংগা দলঙৰ কাষত ভয়ংকৰ ঘটনা
