Voice of Eastern India

কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বৃহৎ সাফল্য


ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাই মহাবিদ্যালয়খনলৈ এক অভূতপূৰ্ব স্বীকৃতি কঢ়িয়াই আনিছে

অসমৰ শৈক্ষিক জগতৰ বাবে এক গৌৰৱৰ খবৰ । কলিয়াবৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ এদল স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ-পূব ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ‘চেলভিয়া মিচেল্লা’ (Salvia misella) নামৰ এক বিশেষ উদ্ভিদ প্ৰজাতিৰ উপস্থিতি লিপিৱদ্ধ কৰিবলৈ সক্ষম হৈছে । ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাই মহাবিদ্যালয়খনলৈ এক অভূতপূৰ্ব স্বীকৃতি কঢ়িয়াই আনিছে ।

কাৰ তত্ত্বাৱধানত হৈছিল এই গৱেষণা ?

উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° দিপাংকৰ বৰাৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এই সমগ্ৰ চিনাক্তকৰণ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হৈছিল । গৱেষক ছাত্ৰ-ছাত্ৰীৰ দলটোত আছিল গুৰিয়া ভৱাল, হিয়া দাস, জনিয়াল তিচ্ছ’ আৰু প্ৰসেনজিৎ মাহাতু । তেওঁলোকে ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ আৰু পদ্ধতিগত জৰীপৰ জৰিয়তে এই উদ্ভিদবিধৰ অৱস্থিতিৰ গুৰুত্বপূৰ্ণ নথি প্ৰস্তুত কৰি উলিয়ায় ।

আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত স্বীকৃতি

ছাত্ৰ-ছাত্ৰীসকলৰ এই গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ তথ্যসমূহ ইতিমধ্যে ‘জাৰ্ণেল অৱ ইক’নমিক এণ্ড টেক্স’নমিক বটানী’-ত আনুষ্ঠানিকভাৱে প্ৰকাশ পাইছে । “ফাৰ্ষ্ট ৰিপৰ্ট অৱ চেলভিয়া মিচেল্লা (লেমিয়াছি) ফ্ৰম নৰ্থইষ্ট ইণ্ডিয়া” শিৰোনামেৰে প্ৰকাশিত এই গৱেষণাপত্ৰখনে অঞ্চলটোত উদ্ভিদবিধৰ উপস্থিতিক চৰকাৰী আৰু বৈজ্ঞানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে ।

ক’ত ক’ত পোৱা গ’ল এই উদ্ভিদ?

গৱেষক দলটোৱে জনোৱা মতে, এই উদ্ভিদবিধ আটাইতকৈ প্ৰথমতে কলিয়াবৰ কলেজ চৌহদৰ ভিতৰতে দেখা পোৱা গৈছিল । ইয়াৰ পিছতে উদ্ভিদবিধৰ বিস্তাৰৰ ধৰণ বুজিবলৈ শিক্ষাৰ্থীসকলে সমগ্ৰ কলিয়াবৰ অঞ্চলত এক ক্ষেত্ৰভিত্তিক জৰীপ চলায় । এই জৰীপৰ সময়তে কলিয়াবৰৰ শিলঘাটস্থিত ঐতিহাসিক শ্ৰী শ্ৰী কামাখ্যা দেৱালয়লৈ যোৱা পথৰ কাষতো ‘চেলভিয়া মিচেল্লা’ৰ ব্যাপক উপস্থিতি আৰু বিস্তাৰ লিপিৱদ্ধ কৰা হয় ।

বাঢ়িছে পৰিৱেশগত চিন্তা: থলুৱা উদ্ভিদৰ বাবে ভাবুকি!

মূলত দক্ষিণ আমেৰিকাৰ স্থানীয় উদ্ভিদ হিচাপে পৰিচিত এই ‘চেলভিয়া মিচেল্লা’ৰ উত্তৰ-পূব ভাৰতত ক্ৰমান্বয়ে হোৱা উত্থানে এতিয়া উদ্ভিদ বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে । গৱেষকসকলে লক্ষ্য কৰিছে যে এই প্ৰজাতিটোৱে অতি কম সময়ৰ ভিতৰতে থলুৱা উদ্ভিদ থকা স্থানসমূহ দখল কৰি লয় । ফলত স্থানীয় উদ্ভিদসমূহৰ সৈতে ইয়াৰ এক তীব্ৰ পাৰিপাৰ্শ্বিক প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইয়াতকৈও ডাঙৰ কথাটো হ’ল, এই উদ্ভিদ সাধাৰণতে গৰু বা ছাগলীয়ে নোখায়, যাৰ বাবে কোনো বাধা নোহোৱাকৈ ই অতি সহজে চাৰিওফালে বিয়পি পৰিবলৈ সুবিধা পাইছে ।

যদিও ‘চেলভিয়া মিচেল্লা’ বিষাক্ত নহয়, তথাপিও ইয়াৰ ক্ষিপ্ৰ বিস্তাৰণ ক্ষমতালৈ চাই গৱেষকসকলে পৰামৰ্শ দিছে যে যদি ইয়াক কৃষি পথাৰ বা ফুলনি বাৰীত গজি থকা দেখা যায়, তেন্তে লগে লগে উভালি পেলাব লাগে । অন্যথা ই কাষৰীয়া লাগতিয়াল শস্য বা ফুল গছৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে ।

সমগ্ৰ মহাবিদ্যালয়ে বৰ্তমান গৱেষক দলটোক এই সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : আতিথ্য খণ্ডৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলে ২০০ লাখপতি বাইদেউৱে : প্ৰশংসা মুখ্যমন্ত্ৰীৰ



Source link

Leave A Reply

Your email address will not be published.