ডিমা হাচাও জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে নিৰ্দেশনা । ধাৰাবাহিক বৰষুণৰ ফলত কপিলী জলাশয়ৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰেৰে বৈছে । খান্দং জলাশয়ৰ সুৰক্ষাৰ স্বাৰ্থত বান্ধটোৰ সাতখনকৈ স্পিলৱে গেট খুলি দিয়া হৈছে ।
নেৰানেপেৰা ধাৰাষাৰ বৰষুণৰ ফলত কপিলী নদীৰ পানীৰ স্তৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ বাবে খান্দং জলাশয়ৰ সুৰক্ষাৰ স্বাৰ্থত বান্ধটোৰ সাতখনকৈ স্পিলৱে গেট খুলি দিয়া হৈছে । ইয়াৰ পিছতে ডিমা হাছাও জিলা দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই (DDMA) কপিলী নদীৰ পাৰত আৰু ইয়াৰ নামনি অঞ্চলত বসবাস কৰা বাসিন্দাসকলৰ বাবে এক জৰুৰী ৰাজহুৱা সতৰ্কবাণী জাৰি কৰিছে ।
প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে জলাশয়টোৰ সুৰক্ষা বজাই ৰখাৰ স্বাৰ্থত খান্দং বান্ধৰ গেটৰ জৰিয়তে পৰ্যায়ক্ৰমে পানী এৰি দিয়া হ’ব । যাৰ ফলত নদীখনৰ পানীৰ স্তৰ হঠাতে বৃদ্ধি পাব পাৰে ।
জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী :
কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা বা ক্ষয়-ক্ষতি ৰোধ কৰিবলৈ ডিডিএমএ-ই নামনি অঞ্চলৰ ৰাইজক তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে :
নদীত প্ৰৱেশ কৰাত নিষেধাজ্ঞা : পানী এৰি থকাৰ সময়ছোৱাত নদীৰ পানীত প্ৰৱেশ কৰা, গা-ধোৱা বা যিকোনো কামত নদীৰ পানী ব্যৱহাৰ কৰাৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকক ।
পশুধন আৰু সম্পত্তিৰ সুৰক্ষা : সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ পশুধন, যানবাহন আৰু অন্যান্য মূল্যৱান সামগ্ৰীসমূহ অনতিপলমে নদীৰ পাৰৰ পৰা সুৰক্ষিত স্থানলৈ আঁতৰাই নিয়ক ।
ডিজিটেল মাধ্যমত চকু ৰাখক : চৰকাৰী ম’বাইল এলাৰ্ট আৰু হোৱাটছএপ যোগাযোগ মাধ্যমৰ জৰিয়তে কিমানখন গেট খোলা হৈছে আৰু কিমান পৰিমাণৰ পানী এৰি দিয়া হৈছে, সেই সন্দৰ্ভত নিয়মিত আপডেট লৈ থাকক ।
নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত তীক্ষ্ণ নজৰ
কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি, লংকাৰ দিশলৈ বৈ যোৱা নামনি অঞ্চলৰ পানীৰ প্ৰবাহ বহু পৰিমাণে নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ গেটসমূহৰ পৰিচালনাৰ ওপৰতো নিৰ্ভৰ কৰিব । গতিকে সেই অঞ্চলসমূহৰ ৰাইজকো অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে ।
সক্ৰিয় কৰা হৈছে জৰুৰীকালীন হেল্পলাইন
যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ ক্ষিপ্ৰ মোকাবিলা কৰিবলৈ জিলা জৰুৰীকালীন পৰিচালনা কেন্দ্ৰই ইতিমধ্যে ইয়াৰ হেল্পলাইন সেৱা ২৪ ঘণ্টাই সক্ৰিয় কৰি তুলিছে । জিলা প্ৰশাসনে সৰ্বসাধাৰণ ৰাইজক কৰ্তৃপক্ষৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিবলৈ আৰু বাৰিষা কালত জাৰি কৰা সকলো সুৰক্ষা নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে ।
মুকলি কৰা হৈছে ৪টাকৈ ফোন নম্বৰ-
ফোন নম্বৰকেইটা হৈছে ০৩৬৭৩ – ২৩৬৩২৪, ০৩৬৭৩ – ৩৫৬০২২
টোল ফ্ৰী নম্বৰ ০৩৬৭৩ – ১০৭৭
মোবাইল নম্বৰ- 094355-30412
লগতে পঢ়ক : ধৰ্ম প্ৰধান নহয়, মানৱতাহে শ্ৰেষ্ঠ প্ৰমাণ কৰিলে মুছলমান ৰাইজে
