মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে প্ৰধানমন্ত্ৰীগৰাকীৰ সাফল্যক তীব্ৰ প্ৰশংসা কৰে আৰু ১২ জুনৰ দিনটোক ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক ঐতিহাসিক দিন বুলি অভিহিত কৰে
ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত সৃষ্টি হ’ল এক নতুন অভিলেখ । প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামত থকা একেৰাহে আটাইতকৈ দীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰাৰ অভিলেখ অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ১১ জুনত কাৰ্যকালৰ একেৰাহে ৪,৩৯৯ দিন সম্পূৰ্ণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে নেহৰুৰ ৪,৩৯৮ দিনৰ অভিলেখ ভংগ কৰে ।
প্ৰধানমন্ত্ৰীগৰাকীৰ এই সাফল্যক শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে তীব্ৰ প্ৰশংসা কৰে আৰু ১২ জুনৰ দিনটোক ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক “ঐতিহাসিক দিন” বুলি অভিহিত কৰে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন
মুখ্যমন্ত্ৰী ড° শৰ্মাই সংবাদমেলত কয় : “ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত ১২ জুন এক ঐতিহাসিক দিন আছিল কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আটাইতকৈ দীৰ্ঘকাল ধৰি একেৰাহে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হৈ পৰিছে । নৰেন্দ্ৰ মোদীয়ে জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিছে । ১১ জুনত নীতি আয়োগৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে তেওঁক অভিনন্দন জ্ঞাপন কৰে আৰু অসমৰ হৈ ময়ো তেওঁক অভিনন্দন জনাইছোঁ ।”
লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বেই অসমৰ জিলাই-জিলাই ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ বাবেই আজি অসমৰ সাংস্কৃতিক সম্পদ বিহু, গামোচা, বাগুৰুম্বা, আৰনাই, ঝুমুৰ নৃত্য বিশ্বত জিলিকিছে বুলি মন্তব্য কৰে তেওঁ । এইদৰে সংবাদমেলত অসমৰ প্ৰতি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অপত্য স্নেহ আৰু দৃষ্টিভংগী দোহাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
লগতে পঢ়ক : ১ জুলাইৰ পৰা অসমত আৰম্ভ হ’ব ‘VB-G RAM G’ আঁচনি
