দেশজুৰি ইছলাম ধৰ্মাৱলম্বীসকলৰ অন্যতম প্ৰধান পবিত্ৰ উৎসৱ ঈদ-উল-আজহা অৰ্থাৎ বকৰী ঈদ উলহ-মালহেৰে পালন কৰা হৈছে
আজি সমগ্ৰ দেশজুৰি ইছলাম ধৰ্মাৱলম্বীসকলৰ অন্যতম প্ৰধান পবিত্ৰ উৎসৱ ঈদ-উল-আজহা অৰ্থাৎ বকৰী ঈদ উলহ-মালহেৰে পালন কৰা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰো মছজিদ আৰু ঈদগাহসমূহত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এক উখল-মাখল পৰিৱেশ । ধৰ্মপ্ৰাণ মুছলমান ৰাইজে পুৱাই নতুন তথা পৰিষ্কাৰ সাজ-পোছাক পৰিধান কৰি ঈদগাহ আৰু মছজিদসমূহত সমবেত হৈ ঈদ-উল-আজহাৰ দুয়ো ৰাকাত বিশেষ ৱাজিব নামাজ আদায় কৰে । নামাজৰ অন্তত দেশ তথা সমগ্ৰ বিশ্বৰ শান্তি, সম্প্ৰীতি আৰু মানৱতাৰ বাবে বিশেষ আল-দোৱা (প্ৰাৰ্থনা) কৰা হয় ।
ত্যাগ আৰু অটুট বিশ্বাসৰ প্ৰতীক ‘ছুন্নতে ইব্ৰাহিমী’-
ইছলামিক বিশ্বাস আৰু ইতিহাস অনুসৰি, এই উৎসৱটোৰ এক ঐতিহাসিক মহত্ব আছে । আল্লাহৰ প্ৰতি থকা অটুট বিশ্বাস আৰু অগাধ আনুগত্যৰ পৰীক্ষা দিবলৈ গৈ হজৰত ইব্ৰাহিম (আঃ)-এ নিজৰ আটাইতকৈ প্ৰিয় পুত্ৰ হজৰত ইছমাইল (আঃ)-ক কোৰবানী দিবলৈ প্ৰস্তুত হৈছিল । কিন্তু তেওঁৰ এই অনন্য ত্যাগ আৰু সততাক গ্ৰহণ কৰি আল্লাহে পুত্ৰৰ সলনি ফৰিষ্টা জিব্ৰাইল (আঃ)ৰ জৰিয়তে এটা দুম্বা (ভেড়া) পঠিয়াই দিয়ে । এই মহান ঐতিহাসিক ঘটনাটোক স্মৰণ কৰিয়েই প্ৰতি বছৰে বিশ্বৰ মুছলমানসকলে বকৰী ঈদ পালন কৰে ।
ইফালে, এই পবিত্ৰ দিনটোৱেই মক্কাত পবিত্ৰ হজ যাত্ৰা সমাপ্ত হোৱাৰো এক বিশেষ প্ৰতীক হিচাপে চিহ্ন ৰাখে, য’ত বিশ্বৰ লাখ লাখ হাজীয়ে নিজৰ ইবাদত সম্পূৰ্ণ কৰে ।
ঈদৰ প্ৰকৃত বাৰ্তা :
ঈদ-উল-আজহাই আমাক নিজৰ স্বাৰ্থৰ উৰ্ধলৈ গৈ আনৰ মংগলৰ বাবে কাম কৰাৰ অনুপ্ৰেৰণা যোগায় । ত্যাগ আৰু মানৱতাহে প্ৰকৃত ইবাদত- এই বাৰ্তাই হৈছে বকৰী ঈদৰ মূল শিক্ষা ।
নামাজ আৰু কোৰবানীৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত সকলোৱে ইজনে সিজনক সাৱটি ধৰি ‘ঈদ মোবাৰক’ জনাই শুভেচ্ছা বিনিময় কৰে । লগতে ঘৰে ঘৰে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য-প্ৰস্তুত কৰি আলহী-অতিথিক আপ্যায়ন কৰা দেখা যায় । এই উৎসৱে সমাজলৈ একতা আৰু শান্তিৰ বাৰ্তা কঢ়িয়াই আনক বুলি আশা কৰিছে সকলোৱে ।
ইফালে ধৰ্মীয় আৱেগ আৰু সামূহিক সম্প্ৰীতিক সন্মান জনাই এইবাৰ অসমৰ মুছলিম সমাজে এক অনন্য উদাৰতাৰ নিদৰ্শন দাঙি ধৰিছে । পবিত্ৰ ঈদ-উল-আজহা উপলক্ষে সমাজৰ আন একাংশ লোকৰ ধৰ্মীয় অনুভূতিক আঘাত নকৰিবলৈ এইবাৰ অসমত গো-কোৰবাণী নকৰাৰ এক ঐতিহাসিক আৰু প্ৰশংসনীয় সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই সিদ্ধান্তই কেৱল অসমীয়া সমাজৰ বুকুত যুগ যুগ ধৰি চলি অহা হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া ভাতৃত্ববোধকে সুদৃঢ় কৰা নাই, বৰঞ্চ ইজনে সিজনৰ ধৰ্মীয় আৱেগক সন্মান জনোৱাৰ এক অনন্য বাৰ্তাও কঢ়িয়াই আনিছে । ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও মুছলমান সমাজৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে গো-কোৰবাণী নকৰাৰ বাবে আহ্বান জনাইছে ।
লগতে পঢ়ক : ‘জীৱনৰ উদ্দেশ্য কি?’; বিতৰ্কৰ মাজতে সদগুৰুক সাক্ষাৎ ৰণবীৰ সিঙৰ
