Voice of Eastern India

Assam child marriage: কোনো শিশুৰ শৈশৱ কাঢ়ি নিব নোৱাৰিব! বাল্যবিবাহক লৈ কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰীৰ


Assam child marriage: বাল্যবিবাহ নিৰ্মূলৰ সংকল্প অসম চৰকাৰৰ। ৫ বছৰত ৬ হাজাৰৰো অধিক গ্ৰেপ্তাৰ।

অসমত বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা অভিযানৰ মাজতে এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ২০২১ চনৰ পৰা এতিয়ালৈকে ৰাজ্যখনত বাল্যবিবাহৰ সৈতে জড়িত ৬,০০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ২৭ নৱেম্বৰত আন্তঃৰাষ্ট্ৰীয় বাল্যবিবাহ নিৰ্মূল দিৱস উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰী কৰে (Assam child marriage)।

বাল্যবিবাহৰ দৰে সামাজিক ব্যাধি নিৰ্মূলৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত কেইবাবছৰ ধৰি এই প্ৰথাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলোৱা হৈছে। কেৱল সজাগতাই নহয়, এনে বিবাহৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাও গ্ৰহণ কৰি অহা হৈছে।

ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে ২০২১ চনৰ পৰাই বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। এই অভিযানত ৬,০০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ অব্যাহত আছে (Assam child marriage Crackdown)।

লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে অসমক বাল্যবিবাহমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পত কোনো ধৰণৰ শিথিলতা নাহে। প্ৰতিগৰাকী কন্যা শিশুৰ অধিকাৰ, মৰ্যাদা আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো শিশুৱেই যাতে বলপূৰ্বক বিবাহৰ বাবে নিজৰ শৈশৱ হেৰুৱাবলগীয়া নহয়।

উল্লেখ্য যে, এইবাৰ প্ৰথমবাৰৰ বাবে ২৭ নৱেম্বৰত পালন কৰা হৈছে বাল্যবিবাহ, আগতীয়া বিবাহ আৰু বলপূৰ্বক বিবাহ নিৰ্মূলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস। চলিত বৰ্ষৰ ৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই দিনটো আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে স্বীকৃতি দিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। শিশুসকলক বাল্যবিবাহ আৰু বলপূৰ্বক বিবাহৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে বিশ্বজুৰি এই সামাজিক সমস্যাটোৰ বিৰুদ্ধে সজাগতা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা শক্তিশালী কৰাই এই দিৱসৰ মূল উদ্দেশ্য।

লগতে পঢ়ক: HSLC Exam 2027: মেট্ৰিকৰ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ! ৯ মাৰ্চৰ পৰীক্ষাক লৈ শিক্ষামন্ত্ৰীৰ নতুন ঘোষণা





Source link

Leave A Reply

Your email address will not be published.