Voice of Eastern India

অসম দিব্যাংগ ক্ৰিকেট দলত …


Assam Divyang Cricket Team:  বৰপেটালৈ গৌৰৱ কঢ়িয়াই অনা আৰপ মোল্লাই মমতা কাপ (বিহাৰ)ত খেল প্ৰদৰ্শন কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত । বিভিন্ন দল-সংগঠনৰ শুভেচ্ছা আৰপ মোল্লালৈ ।

বৰপেটাৰ পৰা চৈয়দ ম‌ইদুল ইছলামৰ প্ৰতিবেদন – মনৰ সঠিক লক্ষ্য, উদ্দেশ্য সঠিক হ’লে শাৰীৰিক আৰু আৰ্থিক দুৰ্বলতাই বাধা দিব নোৱাৰে।  একান্তমনে কৰি লোৱা লক্ষ্য উদ্দেশ্যৰে তাকে প্ৰমাণ কৰি দেখুৱালে খংৰা গাঁৱৰ বাসিন্দা আৰপ মোল্লাই ।(Assam Divyang Cricket Team)

সৰুৰেপৰাই ক্ৰিকেটৰ প্ৰতি ৰাপ থকা আৰপ মোল্লাই হা-ডুডু আৰু বেডমিণ্টন খেলি নিজৰ প্ৰতিভাৰ উমান দিবলৈ সক্ষম হৈছিল ।

অৱশেষত আৰপ মোল্লাৰ মনোকামনা পূৰ্ণ হ’ল। ক্ৰিয়াৰ প্ৰতি থকা প্ৰৱল ইচ্ছাই বিশেষভাৱে সক্ষম আৰপ মোল্লালৈ আহিল ভাল খবৰ । অহা ১০ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ বিহাৰত অনুষ্ঠিত হ’বলগীয়া মমতা কাপ (বিহাৰ) প্ৰতিযোগিতাৰ বাবে অসম দিব্যাংগ ক্ৰিকেট সন্থাই বুধবাৰে চূড়ান্ত খেলুৱৈৰ তালিকা ঘোষণা কৰিছে। এই তালিকাত আৰপ মোল্লাৰ নাম আছে।(Assam Divyang Cricket Team)

বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত খংৰা গাঁৱৰ মজ্জেল মোল্লা আৰু বাচাতুন নেচাৰ কনিষ্ঠ পুত্ৰ আৰপ মোল্লাই অসম দিব্যাংগ ক্ৰিকেট দলত স্থান লাভ কৰি বৰপেটা জিলালৈ সুনাম কঢ়িয়াই আনিছে ।(Assam Divyang Cricket Team)

সৰুৰেপৰাই ক্ৰিকেটৰ প্ৰতি ৰাপ থকা আৰপ মোল্লাই প্ৰায় সাত মাহ পূৰ্বে  নামনি অসম ক্ৰিকেট একাডেমীৰ মুখ্য প্ৰশিক্ষক আৰু পৰাচালক নবীন হাচানক সাক্ষাৎ কৰি ক্ৰিকেটৰ প্ৰতি থকা নিজৰ আগ্ৰহৰ কথা অৱগত কৰায় ।

নবীন হাচানে আৰপ মোল্লাৰ ক্ৰিকেট খেলৰ প্ৰতি থকা একাগ্ৰতা আৰু মনোবলক সমৰ্থন জনাই নলবাৰী জিলাৰ বামুনবড়ীস্থিত নামনি অসম ক্ৰিকেট একাডেমীত বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ কথা ঘোষণা কৰে ।

যোৱা ৩০ এপ্ৰিলৰ পৰা নবীন হাচানৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি ক্ৰমান্বয়ে উন্নত প্ৰদৰ্শন আৰু ক্ৰিকেটৰ বিভিন্ন শৈলী আয়ত্ত্ব কৰিবলৈ সক্ষম হয় আৰপ মোল্লাই । প্ৰশিক্ষক নবীন হাচানৰ পৰামৰ্শ মতে ২১ বছৰীয়া আৰপ মোল্লাই অসম দিব্যাংগ ক্ৰিকেট সন্থাৰ স’তে যোগাযোগ কৰে আৰু যোৱা ২৩ নৱেম্বৰত মালিগাঁও স্মৃতি সংঘৰ খেলপথাৰত অসম দিব্যাংগ ক্ৰিকেট সন্থাই আয়োজন কৰা বাচনি শিবিৰত অংশগ্ৰহণ কৰে ।

অসম দিব্যাংগ ক্ৰিকেট দলত প্ৰথমবাৰতেই স্থান লাভ কৰি সুখী বুলি অনুভৱ ব্যক্ত কৰে আৰপ মোল্লাই । আৰপ মোল্লাই ভৱিষ্যতে ভাৰতীয় দিব্যাংগ ক্ৰিকেট দলৰ হৈ ক্ৰিকেট খেলাৰ আশা পুহি ৰাখিছে । বলিং আৰু ফিল্ডিঙত বিশেষ দক্ষতা থকাৰ বাবেই আৰপ মোল্লাই অসম দিব্যাংগ ক্ৰিকেট দলত স্থান লাভ কৰা বুলি জানিবলৈ দিয়ে আৰপ মোল্লাই । আৰপ মোল্লাৰ এই সফলতাত পিতৃ-মাতৃৰ লগতে আত্মীয়-স্বজন, নামনি অসম ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষাৰ্থীসকল আৰু শুভাকাংক্ষীসকলে সন্তোষ প্ৰকাশ কৰে । পিতৃ মজ্জেল মোল্লাই ঘৰৰ পদূলিতে চাহ দোকান দি কোনোমতে পৰিয়াল পোহপাল দি আহিছে । পিতৃৰ চাহ দোকানত মাজে-সময়ে আৰপ মোল্লাই সহায় কৰি দিয়ে ।

আৰ্থিকভাবে দুৰ্বল পৰিয়ালৰ বিশেষভাবে সক্ষম সন্তান আৰপ মোল্লাই খেল আৰু অধ্যয়নৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । আৰ্থিক দৈন্যতাৰ মাজতো আৰপ মোল্লাই ২০২৫ চনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে । আৰপ মোল্লাই অসম দিব্যাংগ ক্ৰিকেট দলত স্থান লাভ কৰাত নামনি অসম ক্ৰিকেট একাডেমীৰ মুখ্য প্ৰশিক্ষক নবীন হাচান, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, বৰপেটা জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তফিকুৰ ৰহমান, পূব চেঙা সমবায় সমিতিৰ সচিব তথা খংৰা গাঁৱৰ জ্যেষ্ঠ নাগৰিক আব্দুল ওহাব,  বিৰিণা গোষ্ঠী- অসমৰ সভাপতি জিয়াউৰ ৰহমান, চেঙা ঐক্য সন্মিলনৰ প্ৰাক্তন সম্পাদক চিন্ময় ডেকাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন আৰু ব্যক্তি বিশেষে আৰপ মোল্লাক শুভেচ্ছা জ্ঞাপন কৰি অনাগত দিনত ক্ৰিকেট খেলৰ জৰিয়তে আৰপ মোল্লাই অঞ্চলটোৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: Mohammed Siraj Dropped: ছিৰাজক দলৰ পৰা বাদ দিয়াক লৈ বিতৰ্ক, অৱশেষত মুখ খুলিলে বিচিচিআইয়ে



Source link

Leave A Reply

Your email address will not be published.