Voice of Eastern India

Garbage collection fees : গুৱাহাটীবাসীৰ বাবে নতুন নিৰিখ!


Garbage collection fees: গুৱাহাটীবাসীৰ বাবে বৃদ্ধি কৰা হৈছে জাৱৰ সংগ্ৰহৰ মাহেকীয়া মাচুল। ৩০ টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা ভৰিব লাগিব ৫০ টকা। GMCৰ নতুন নিৰিখৰ সবিশেষ জানক।

এতিয়াৰে পৰা গুৱাহাটীবাসীয়ে জাৱৰৰ বাবদ ভৰিব লাগিব ৫০ টকা।বৃদ্ধি কৰা হ’ল জাৱৰ সংগ্ৰহৰ মাচুল। GMC এ ২০ টকা বৃদ্ধি কৰিলে জাৱৰ সংগ্ৰহৰ মাচুল(Garbage collection fees: ) ।

গুৱাহাটী পৌৰ নিগমে (GMC) ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰাৰ মাহেকীয়া মাচুল ৩০ টকাৰ পৰা ৫০ টকালৈ বৃদ্ধি কৰিছে। পূৰ্বে জাৱৰ সংগ্ৰহৰ নামত ৩০ টকাকৈ দিব লগা হৈছিল। এই মাহৰ পৰাই কাৰ্যকাৰী হ’ব বৰ্ধিত মাছুল(Garbage collection fees: )।

নৱেম্বৰ মাহৰ ২৬ তাৰিখে এক ৰাজহুৱা জাননী যোগে নিগমে এই কথা সদৰী কৰিছে আৰু ২০২৬ চনৰ ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নতুন নিৰিখ প্ৰযোজ্য হ’ব বুলি জনাইছে।  নিৰ্দিষ্ট এলেকাৰ দায়িত্বত থকা ‘স্বচ্ছতা সখী’ (Swachhata Sakhis) সকলে অনুমোদিত এপভিত্তিক ব্যৱস্থাৰ (app-based system) জৰিয়তে ঘৰে ঘৰে গৈ এই ধন সংগ্ৰহ কৰিব।(Garbage collection fees: )

মহানগৰখন পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ কৰি ৰাখিবলৈ নিয়মিতভাৱে এই মাচুল আদায় দি সহযোগিতা আগবঢ়াবলৈ গুৱাহাটী পৌৰ নিগম(GMC)-ৰ অফিচিয়েল ফেচবুক পেজ যোগে নাগৰিকসকলক অনুৰোধ জনোৱা হৈছে।(Garbage collection fees: )

লগতে পঢ়ক: Dhubri eviction drive: ধুবুৰীত পুনৰ চৰকাৰী ভূমি বেদখলৰ অভিযোগ, উচ্ছেদ অভিযানৰ পাছতো গঢ় লৈছে দোকান-পোহাৰ



Source link

Leave A Reply

Your email address will not be published.