Voice of Eastern India

Zubeen Garg Car Controversy: গৰিমাৰ ব্যক্তিগত সিদ্ধান্তক লৈ প্ৰশ্ন কিয়? মুখ খুলিলে পামী বৰুৱাই


Zubeen Garg Car Controversy: ‘প্ৰকৃত জুবিন অনুৰাগীয়ে এনে নকৰে’ : গৰিমাক লৈ চলা চৰ্চাত ক্ষোভ পামী বৰুৱাৰ।

জুবিন গাৰ্গৰ বাহন বিক্ৰীক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈকে চলা চৰ্চাৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁৰ ভগ্নী পামী বৰুৱাই। গৰিমা শইকীয়া গাৰ্গৰ ব্যক্তিগত সিদ্ধান্তক লৈ চলা নেতিবাচক চৰ্চাত ক্ষোভ প্ৰকাশ কৰি পামী বৰুৱাই স্পষ্ট কৰি দিয়ে যে বাহনখন বিক্ৰী কৰাটো সম্পূৰ্ণৰূপে পৰিয়ালটোৰ নিজা সিদ্ধান্ত (Zubeen Garg Car Controversy)।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে গৰিমা শইকীয়া গাৰ্গ এগৰাকী স্বাভিমানী মহিলা। যোৱা এবছৰতকৈও অধিক সময় ধৰি আনৰ ওচৰত হাত নপতাকৈ তেওঁ অকলে পৰিয়ালৰ দায়িত্বসমূহ পালন কৰি আহিছে। এনে পৰিস্থিতিত পৰিয়ালটোৰ আৰ্থিক অৱস্থা অথবা ব্যক্তিগত সিদ্ধান্তক ৰাজহুৱা বিতৰ্কৰ বিষয় কৰি তোলাটো অত্যন্ত দুৰ্ভাগ্যজনক।

পামী বৰুৱাৰ মতে, গৰিমা শইকীয়া গাৰ্গে বাহনখন বিক্ৰী কৰাৰ সিদ্ধান্ত নিশ্চয় কিবা কাৰণতহে লৈছে। বাহিৰৰ পৰা বিষয়টোৰ সম্পূৰ্ণ পৰিস্থিতি নজনাকৈ সিদ্ধান্তটোক লৈ প্ৰশ্ন উত্থাপন কৰাটো উচিত নহয়। জুবিন গাৰ্গৰ সৈতে গৰিমাই অতিবাহিত কৰা জীৱনৰ প্ৰতিটো মুহূৰ্তৰ সৈতে মানুহৰ আৱেগ জড়িত হৈ আছে যদিও সেই আৱেগৰ অজুহাতত তেওঁৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰা উচিত নহয় বুলিও মন্তব্য কৰে পামী বৰুৱাই (Zubeen Garg Range Rover Controversy)।

তেওঁ লগতে কয় যে বাহনখন বিক্ৰী কৰাৰ অধিকাৰ গৰিমাৰ আছে। এই সিদ্ধান্তৰ আঁৰৰ কাৰণ ৰাজহুৱা কৰিবলৈ তেওঁ বাধ্য নহয়। এগৰাকী স্বাভিমানী মহিলা হিচাপে নিজৰ পাৰিবাৰিক আৰু আৰ্থিক বিষয়ত সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ তেওঁৰ আছে। আনকি তেওঁৰ খৰচ, দায়িত্ব, বেংক একাউণ্ট বা বেংক ষ্টেটমেণ্টৰ হিচাপ বিচৰাৰ অধিকাৰো কাৰো নাই।

জুবিন গাৰ্গৰ আদৰ্শক লৈও নিজৰ মত প্ৰকাশ কৰে তেওঁৰ ভগ্নীয়ে। পামী বৰুৱাই কয় যে প্ৰকৃত জুবিন অনুৰাগীসকলে বিতৰ্কৰ সৃষ্টি নকৰি নিজৰ নিজৰ কৰ্মৰ মাজেৰে জুবিনৰ আদৰ্শক জীয়াই ৰাখিবলৈ চেষ্টা কৰা উচিত। ছ’চিয়েল মিডিয়াত ভিত্তিহীন মন্তব্য প্ৰচাৰ কৰি অথবা পৰিয়ালটোক লৈ নেতিবাচক চৰ্চা কৰি কোনেও প্ৰকৃত জুবিন অনুৰাগী হোৱাৰ পৰিচয় দিব নোৱাৰে।

তেওঁৰ মতে, জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ভালপোৱা থাকিলে তেওঁৰ চিন্তা-চেতনাক সন্মান জনোৱাৰ লগতে এখন সুস্থ সমাজ গঢ়াৰ দিশত সকলোৱে কাম কৰিব লাগে। যিসকলে নীৰৱে নিজৰ দায়িত্ব পালন কৰি আহিছে, তেওঁলোকেহে প্ৰকৃত অৰ্থত জুবিনৰ আদৰ্শক হৃদয়ত ধাৰণ কৰিছে।

পামী বৰুৱাই পুনৰ কয় যে গৰিমা শইকীয়া গাৰ্গে বিগত সময়ছোৱাত নিজৰ পৰিস্থিতিৰ সৈতে নিজেই মোকাবিলা কৰি আহিছে। সেই সময়ত সহায়ৰ বাবে কোনেও বিশেষভাৱে আগবাঢ়ি অহা নাছিল। সেয়েহে এতিয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্তক লৈ অপ্ৰয়োজনীয় বিতৰ্কৰ পৰিৱৰ্তে সেই সিদ্ধান্তক সন্মান জনোৱা উচিত।

শেষত তেওঁ আঙুলিয়াই দিয়ে যে পেছাদাৰী জীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত এক স্পষ্ট সীমাৰেখা আছে। সেই সীমা অতিক্ৰম কৰি কাৰোবাৰ ব্যক্তিগত জীৱনক ৰাজহুৱা বিচাৰ-বিশ্লেষণৰ বিষয় কৰি তোলাৰ অধিকাৰ সমাজৰ কাৰো নাই। জুবিন গাৰ্গৰ পত্নী হিচাপেই হওক বা এগৰাকী স্বতন্ত্ৰ ব্যক্তি হিচাপেই হওক, গৰিমা শইকীয়া গাৰ্গৰ নিজৰ মতে জীৱন কটোৱা আৰু নিজৰ সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে।

লগতে পঢ়ক: Range Rover controversy: জুবিনৰ ৰেঞ্জ ৰ’ভাৰ বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া



Source link

Leave A Reply

Your email address will not be published.