Assam Police Controversy: পাৰ্টিত তৰ্ক-বিতৰ্কৰ পৰা মাৰপিটলৈ! অসম আৰক্ষীৰ শীৰ্ষ মহলত হাহাকাৰ।
অসম আৰক্ষীৰ শীৰ্ষ মহলত এইবাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিশাৰ পাৰ্টিত দুগৰাকী জ্যেষ্ঠ IPS বিষয়াৰ মাজত সংঘটিত হোৱা বুলি অভিযোগ উঠা মাৰপিটৰ ঘটনাই ৰাজ্যৰ আৰক্ষী বিভাগৰ ভিতৰচ’ৰাত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। এই ঘটনাত কোকৰাঝাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (SSP) অক্ষত গাৰ্গ আহত হোৱা বুলি জানিব পৰা গৈছে (Assam Police Controversy)।
প্ৰাপ্ত তথ্য অনুসৰি, কোকৰাঝাৰৰ চৰাইখোলা বেটেলিয়নত আয়োজন কৰা হৈছিল এটা পাৰ্টি। SSP অক্ষত গাৰ্গে আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত আছিল উপ-মহাপৰিদৰ্শক (DIG) ৱাই টি গেৎসুকে ধৰি কেইবাগৰাকীও আৰক্ষী বিষয়া।
অভিযোগ অনুসৰি, পাৰ্টিৰ মাজতে অক্ষত গাৰ্গ আৰু DIG ৱাই টি গেৎসুৰ মাজত কোনো বিষয়ক লৈ তৰ্কাতৰ্কিৰ সূত্ৰপাত হয়। প্ৰথমে কথাৰ কটাকটি হিচাপে আৰম্ভ হোৱা বিবাদে পিছলৈ শাৰীৰিক সংঘাতৰ ৰূপ লয়। এই সংঘাততে SSP অক্ষত গাৰ্গ আহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে। অৱশ্যে, দুয়োগৰাকী বিষয়াৰ মাজত বিবাদৰ প্ৰকৃত কাৰণ কি আছিল আৰু গাৰ্গৰ আঘাত কিমান গুৰুতৰ, সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য পোহৰলৈ অহা নাই (IPS Officers Clash Korajhar)।
ঘটনাটোৰ বিষয়ে নিশাই অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল অৱগত হয়। স্বাভাৱিকতে দুগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ মাজত এনে সংঘাতৰ খবৰক লৈ আৰক্ষী প্ৰশাসনৰ ভিতৰচ’ৰাত তৎপৰতা বৃদ্ধি পায়।
কিন্তু এই ঘটনাক লৈ আন এটা দিশে বিশেষ চৰ্চা লাভ কৰিছে। অভিযোগ অনুসৰি, বিষয়টোৰ তদন্তৰ বাবে তাৎক্ষণিকভাৱে আনুষ্ঠানিক নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে আৰক্ষী সঞ্চালকপ্ৰধান-এ IPS বিষয়া সুৰেন্দ্ৰ কুমাৰক দুয়োগৰাকী বিষয়াৰ মাজত মধ্যস্থতা কৰিবলৈ দায়িত্ব দিয়ে। বিবাদৰ মীমাংসা কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ উদ্দেশ্যেই তেওঁক নিয়োগ কৰা হৈছিল বুলি জানিব পৰা গৈছে।
ইয়াৰ পিছতে আৰক্ষী বিভাগত জবাবদিহিতাৰ প্ৰশ্ন উত্থাপন হৈছে। সাধাৰণ পৰ্যায়ৰ আৰক্ষী কৰ্মীৰ বিৰুদ্ধে অনুশাসনহীনতাৰ অভিযোগ উঠিলে প্ৰায়ে বিভাগীয় তদন্ত আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। তেনেস্থলত দুগৰাকী জ্যেষ্ঠ IPS বিষয়াৰ মাজত সংঘাতৰ অভিযোগ উঠাৰ পিছতো কিয় আনুষ্ঠানিক তদন্তৰ পৰিৱৰ্তে মীমাংসাৰ চেষ্টা কৰা হ’ল, তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে।
আনহাতে, ঘটনাৰ সময়ত উপস্থিত থকা আন আৰক্ষী বিষয়াসকলৰ ভূমিকা, SSP অক্ষত গাৰ্গৰ আঘাতৰ প্ৰকৃত পৰিসৰ আৰু সমগ্ৰ বিষয়টোত আৰক্ষীৰ শীৰ্ষ নেতৃত্বৰ ভূমিকা এতিয়াও স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত অসম আৰক্ষীৰ ফালৰ পৰাও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।
লগতে পঢ়ক: Range Rover controversy: জুবিনৰ ৰেঞ্জ ৰ’ভাৰ বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
