Range Rover controversy: জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহনক লৈ চলি থকা বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।
Range Rover controversy: জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহন বিক্ৰী কৰা সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ২-৩ মাহৰ ভিতৰতে জুবিনক্ষেত্ৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব(Range Rover controversy) ।গতিকে নিৰ্মাণ শেষ নোহোৱালৈকে তাত বাহনখন ৰাখিব নোৱাৰিব।কাৰণ ডেৰ-দুই বছৰলৈ জুবিনক্ষেত্ৰত নিৰ্মাণৰ কাম চলি থাকিব, বাকি পৰিয়ালে কিয় এই সিদ্ধান্ত লৈছে সেই কথা পৰিয়ালৰ লোকৰ লগত কথা পাতিলেহে জানিব পৰা যাব। ভঙা-ছিঙা কাম চলিব, গতিকে বৰ্তমান তাত বাহন থ’ব পৰা নাযাব।(Range Rover controversy)
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, জুবিন গাৰ্গৰ পৰিয়ালে যি সিদ্ধান্ত লয় তাত চৰকাৰৰ ক’বলৈ একো নাই। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে চৰকাৰে পৰিয়ালক মাহেকীয়াকৈ সহায়ৰ প্ৰস্তাৱ দিছিল(Range Rover controversy) । চৰকাৰে সুবিধা আগবঢ়াইছিলে তেতিয়া গৰিমা শইকীয়া গাৰ্গে চৰকাৰৰ সেই প্ৰস্তাৱ নাকচ কৰি ৰাইজৰ আন কামসমূহ কৰিবলৈ কৈছিল।গতিকে সেইফালৰ পৰা গৰিমা গাৰ্গ ধন্যবাদৰ পাত্ৰ।
লগতে পঢ়ক: cm sarma meets pm modi: সুধাকণ্ঠক সুঁৱৰি দিল্লীত বৃহৎ আয়োজন: প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ
