Voice of Eastern India

cm sarma meets pm modi: সুধাকণ্ঠক সুঁৱৰি দিল্লীত বৃহৎ আয়োজন: প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ


cm sarma meets pm modi: সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ সামৰণি অনুষ্ঠানক লৈ নতুন দিল্লীত বৃহৎ আয়োজন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক দিলে নিমন্ত্ৰণ।

cm sarma meets pm mod: অহা ২৯ নৱেম্বৰত ৰাজ্য চৰকাৰৰ উদ্যোগত দেশৰ ৰাজধানী নতুন দিল্লীত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব(cm sarma meets pm modi)। বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ দেশজুৰি উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে দিল্লীত হ’বলগীয়া অনুষ্ঠানলৈ দেওবাৰে ২৯ নৱেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনায়।(cm sarma meets pm modi)

শিল্পীগৰাকীৰ স্মৰণত আয়োজিত অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ সামৰণি অনুষ্ঠান সমগ্ৰ দেশে উদযাপন কৰিবলৈ আগবঢ়াৰ এই বিশেষ সময়ত অহা ২৯ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানৰ গৰিমা বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালোঁ। প্ৰধানমন্ত্ৰীয়ে সন্মানেৰে এই আমন্ত্ৰণ গ্ৰহণ কৰি অনুষ্ঠানত উপস্থিত থকাৰ সন্মতি প্ৰদান কৰিছে।(cm sarma meets pm modi)

সুধাকণ্ঠৰ প্ৰতি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা শ্ৰদ্ধাক সোঁৱৰণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ২০১৯ চনত ভাৰতৰত্ন প্ৰদান, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত সেতু ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ আৰু গুৱাহাটীত বিশেষ এণ্টিকীয়া স্মাৰক মুদ্ৰা উন্মোচনৰে সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপনৰ শুভক্ষণত প্ৰধানমন্ত্ৰীয়ে সদায়েই শ্ৰদ্ধাৰ ভূপেনদাৰ প্ৰতি অভূতপূৰ্ব সন্মান প্ৰদৰ্শন কৰি আহিছে। (cm sarma meets pm modi)

লাচিত বৰফুকনৰ পৰা ড° ভূপেন হাজৰিকালৈকে অসমৰ মহান ব্যক্তিত্বৰ অৱদান আজি সমগ্ৰ ভাৰতবৰ্ষতে সগৌৰৱেৰে উদযাপিত হৈছে। অসমৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ এই অকৃত্ৰিম মৰম আৰু স্নেহৰ বাবে  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

লগতে পঢ়ক: India Nepal Relations : মোদীক সাক্ষাৎ নেপালৰ প্ৰধানমন্ত্ৰীৰ! অযোধ্যাৰ সৈতে নেপালৰ হ’ব সংযোগ



Source link

Leave A Reply

Your email address will not be published.