Voice of Eastern India

জন্মদিনৰ পাছতে বিক্ৰী কৰা হ’ল…


Zubeen Garg Car Sold: এসময়ত জুবিন গাৰ্গৰ গৌৰৱ আছিল AS01-GA-9999 ৰেঞ্জ ৰ’ভাৰ বাহনখন। কিন্তু জন্মদিনৰ এদিন পাছতে বিক্ৰী কৰা হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৰমৰ ৰেঞ্জ ৰ’ভাৰখন।

AS01-GA-9999 পঞ্জীয়ন নম্বৰযুক্ত এই বাহনখনক হয়টো চিনি নোপোৱা কোনো মানুহেই নোলাব। কাৰণ AS01-GA-9999 নম্বৰৰ এই বাহনখন আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৰমৰ ৰেঞ্জ ৰ’ভাৰখন। AS01-GA-9999 এই ৰেঞ্জ ৰোভাৰখন জুবিন গাৰ্গে অতি হেঁপাহেৰে ক্ৰয় কৰিছিল।( Zubeen Garg Car Sold)

কিন্তু জানিব পৰা মতে, বিক্ৰী কৰা হ’ল জুবিন গাৰ্গৰ মৰমৰ এই ৰেঞ্জ ৰ’ভাৰখন।জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মবাৰ্ষিকীৰ এদিন পাছতে খবৰ ওলাইছে যে বিক্ৰী কৰা হৈছে তেওঁৰ মৰমৰ বাহনখন। (Zubeen Garg Car Sold)

জুবিন গাৰ্গৰ অতি মৰমৰ ‘ৰেঞ্জ ৰোভাৰ’ গাড়ীখন বিক্ৰী কৰা বুলি ওলোৱা খবৰে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।শিল্পী গৰাকীৰ মৰমৰ এই বাহনখন বিক্ৰী কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলে দুখ ব্যক্ত কৰিছে।জানিব পৰা মতে,কামৰূপ জিলাৰ গড়লৰ সোণমইনা দাস নামৰ এজন যুৱকে ক্ৰয় কৰিছে বাহনখন।

উল্লেখ্য যে ২০২৪ চনৰ মাৰ্চ মাহত জুবিন গাৰ্গে ৰেঞ্জ ৰ’ভাৰখন ক্ৰয় কৰিছিল। অৱশ্যে এই সন্দৰ্ভত শিল্পীগৰাকীৰ পৰিয়ালে এতিয়ালৈকে কোনো ৰাজহুৱা মন্তব্য প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: Bhupen Hazarika Birth Centenary: সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰে মুখৰিত হ’ব ৰাজধানী দিল্লী



Source link

Leave A Reply

Your email address will not be published.