Assam Arunachal Border Dispute: বহুদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ তৎপৰতা, অসম-অৰুণাচল সীমান্তত আৰম্ভ হ’ব জৰীপ।
অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সীমান্ত সমস্যাৰ সমাধানৰ দিশত পুনৰ তৎপৰতা আৰম্ভ হৈছে। দুয়োখন ৰাজ্যৰ মাজত সহমতত উপনীত হোৱা সীমান্তৱৰ্তী অঞ্চলসমূহৰ জৰীপ আৰু সীমা নিৰ্ধাৰণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰশাসনে। এই সন্দৰ্ভত ভাৰতৰ জৰীপ বিভাগে জৰীপৰ কাম আৰম্ভ কৰাৰ পূৰ্বে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ নামচাইস্থিত গোল্ডেন পেগোডাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Assam Arunachal Border Dispute)।
বৈঠকত তিনিচুকীয়াৰ জিলা আয়ুক্ত সুমিত সত্তাৱান আৰু শদিয়াৰ সহ-জিলা আয়ুক্ত সিন্ধু এন ৰাঘৱনৰ লগতে অসম আৰু অৰুণাচল প্ৰদেশৰ জ্যেষ্ঠ আৰক্ষী বিষয়া তথা বিভিন্ন বিভাগৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
প্ৰাথমিক পৰিকল্পনা অনুসৰি, তিনিচুকীয়া জিলাৰ সৈতে সংলগ্ন তিনিটা সীমান্তৱৰ্তী খণ্ডত জৰীপ চলোৱা হ’ব। এই অঞ্চলকেইটা হৈছে নামচাই–তিনিচুকীয়া, ল’ৱাৰ দিবাং ভেলী–তিনিচুকীয়া (পাৰবুকৰ পৰা পাগলামলৈ) আৰু লোহিত–তিনিচুকীয়া (Assam Arunachal Border Survey)।
জৰীপৰ কাম যাতে কোনো ধৰণৰ বাধা-বিঘিনি নোহোৱাকৈ সম্পন্ন কৰিব পৰা যায়, তাৰ বাবে বৈঠকত প্ৰশাসনিক ব্যৱস্থা, যাতায়াত আৰু নিৰাপত্তাৰ দিশসমূহৰ ওপৰত আলোচনা কৰা হয়। দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ মাজত ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি কাম আগবঢ়াই নিয়াৰ সিদ্ধান্ত লোৱা হয়। এই কামত অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, ভূমি ৰাজহ সহায়ক, জিআইএছ সহায়ক আৰু বন বিভাগৰ বিষয়াসকলক নিয়োজিত কৰা হ’ব।
লগতে জৰীপৰ স্থানসমূহ সঠিকভাৱে চিনাক্ত কৰাৰ ক্ষেত্ৰত স্থানীয় গাঁওবুঢ়া আৰু প্ৰতিনিধিসকলৰ সহযোগিতা লোৱা হ’ব। জৰীপকাৰী দলৰ নিৰাপত্তাৰ বাবে প্ৰয়োজন অনুসৰি আৰক্ষী, নিৰাপত্তাৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) মোতায়েনৰ ব্যৱস্থাও কৰা হৈছে। ইয়াৰ উপৰি জৰীপকাৰী দলটোৰ থকাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি ক্ষেত্ৰ পৰ্যায়ৰ সকলো প্ৰয়োজনীয় সহায় আগবঢ়াব জিলা প্ৰশাসনে।
প্ৰশাসনৰ লক্ষ্য অনুসৰি, নিৰ্ধাৰিত তিনিওটা অঞ্চলৰ জৰীপৰ কাম ২০২৬ চনৰ ২৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। ইয়াৰ পিছতে সীমান্তত সীমা নিৰ্ধাৰণৰ খুঁটা স্থাপনৰ কাম আৰম্ভ কৰি ২০২৭ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
লগতে পঢ়ক: Rare White bellied Heron: ভাৰতত ১০টাতকৈও কম, বিশ্বত ৬০টাও নাই! অৰুণাচলত সন্ধান বিৰল চৰাইৰ
