গাওঁ পঞ্চায়ত, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সদস্যসকললৈ মুখ্যমন্ত্ৰী গৰাকীলে দিলে এক ভাল খবৰ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰাই ৰাজ্যৰ পঞ্চায়ত, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সদস্যসকল দিলে এটা ভাল খবৰ। শীঘ্ৰেই দৰমহা বৃদ্ধি পাব ৰাজ্যৰ পঞ্চায়ত, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ। দিল্লীত কেবিনেত বৈঠকৰ পিছতে এখন সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।
মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি জিলা পৰিষদৰ সভাপতিসকলৰ দৰমহা ১৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। জিলা পৰিষদৰ উপসভাপতিসকলৰ দৰমহা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে।

আনহাতে সদস্যসকলৰ দৰমহা ৫,৫০০ টকালৈ, আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ দৰমহা ১০ হাজাৰ টকালৈ, উপ সভাপতি সকলৰ দৰমহা ৭০০০ টকালৈ আৰু সদস্যসকলৰ দৰমহা ৩,০০০ টকাৰ পৰা ৬,০০০ টকালৈ বৃদ্ধি কৰা হৈছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, গাঁও পঞ্চায়তৰ সভাপতিৰ দৰমহা ৬,৫০০ টকালৈকে, গাঁও পঞ্চায়তৰ উপ সভাপতিৰ দৰমহা ৪০০০ টকালৈ আৰু সদস্যসকলৰ দৰমহা ২,৬০০ টকালৈ বৃদ্ধি কৰা হৈছে।
লগতে পঢ়ক: দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ন্যায় বিচাৰি উত্তপ্ত পৰিস্থিতি
