Voice of Eastern India

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ন্যায় বিচাৰি শ শ লোক


১৬ নৱেম্বৰত সংঘটিত দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ দুই হত্যাকাৰীক ঘটনাস্থলীলৈ অনাৰ সময়তে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।ক্ৰাইম চিন ৰিক্ৰিয়েশ্বনৰ বাবে আনিছিল দুই হত্যাকাৰীক অনা হৈছিল। ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ পিছতে ২ ঘাতক ৰাজু-অমিৰৰ বিৰুদ্ধে ক্ষুব্ধ অঞ্চলবাসী।

ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ন্যায় বিচাৰি ওলাই আহিল শ শ লোক।ৰাইজে ঘেৰাও কৰে দুই হত্যাকাৰী লৈ অনা বাহন। শীঘ্ৰে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ।

২ ঘাতক ৰাজু-অমিৰ ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে ২ ঘাতকক ন-বোৱাৰীৰ দৰে কিয় আনিছে, সিহতঁক আমাৰ হাতত গতাই দিয়ক, আমি চাম সিহতঁক, ৩জনকৈ লোকক হত্যা কৰাৰ পিছত সুৰক্ষা কিয়  বুলি তাত থকা শ শ লোক সকলে আৰক্ষীক প্ৰশ্ন কৰে।   

লগতে পঢ়ক: Assam Road Accident: ৰাজ্যত পথ দুৰ্ঘটনাৰ উদ্বেগজনক ছবি! ১৫% বৃদ্ধিৰ পাছতে কঠোৰ অভিযান



Source link

Leave A Reply

Your email address will not be published.