সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিল বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কুণাল গাঞ্জাৱালা।
জুবিন ক্ষেত্ৰত উপস্থিত হ’ল বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কুণাল গাঞ্জাৱালা। জুবিন ক্ষেত্ৰত সেৱা লৈ আৱেগিক কুনাল গাঞ্জাৱালা। ডিব্ৰুগড়ৰ পৰা আহি সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী।জুবিনক সুঁৱৰি কুণাল গাঞ্জাৱালাই মায়াবিনী গোৱাৰ লগতে প্ৰাণৰ বন্ধুক সুঁৱৰি শোকাভিভূত হৈ পৰিল।
বন্ধু জুবিনৰ কথা উল্লেখ কৰি কুণাল গাঞ্জাৱালাই কয় যে, সি হঠাৎ আমাৰ মাজৰ পৰা গুচি গ’ল আৰু সেইটো আটাইতকৈ দুখ লগা কথা। কিন্তু ইয়াত বহুত শান্তি আছে।জুবিনে শ্মশানত থাকি ভাল পাইছিল। ময়ো এটা নিশা তেওঁৰ সৈতে মা কামাখ্যাৰ ওচৰতে থকা এখন শ্মশানত আছিলো। জুবিন বহুত ধেমেলিয়া আছিল।
কণ্ঠশিল্পী গৰাকীয়ে লগতে কয় যে, মোৰ এটাই আক্ষেপ থাকি যাব, আমি যেতিয়াই লগ পাইছিলো তেতিয়া কেৱল গান শুনিছিলো, খাদ্য বনাই খাইছিলো। কিন্তু জুবিনক মই কেতিয়াও কোৱা নহ’ল যে মই তোৰ এটা গান গাব বিচাৰো। আমি লগ হ’লে কেতিয়াও কামৰ কথা আলোচনা কৰা নাছিলো। এইটো মোৰ কাৰণে ডাঙৰ ক্ষতি।
লগতে পঢ়ক: Panchayat Season 5: অৱশেষত অপেক্ষাৰ অন্ত! ঘোষণা হ’ল ‘পঞ্চায়ত ছিজন ৫’ৰ মুক্তিৰ তাৰিখ
