Voice of Eastern India

Assam Speed Limiter Rule: নিয়ম ভংগ কৰিলেই জব্দ হ’ব বাহন! অসমত বাণিজ্যিক বাহনৰ বাবে নতুন নিয়ম


Assam Speed Limiter Rule: দ্ৰুতবেগী বাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা, অসমত কাৰ্যকৰী হ’ল নতুন নিৰ্দেশনা।

অসমত পথ দুৰ্ঘটনা আৰু দ্ৰুতবেগী বাহন চলোৱাৰ প্ৰৱণতা ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে পৰিবহণ বিভাগে। নতুন নিৰ্দেশনা অনুসৰি, ৰাজ্যৰ নিৰ্দিষ্ট শ্ৰেণীৰ সকলো বাণিজ্যিক বাহনত স্পীড লিমিটাৰ সংস্থাপন কৰাটো বাধ্যতামূলক কৰা হৈছে। এই যন্ত্ৰ কাৰ্যক্ষম অৱস্থাত নাথাকিলে জব্দ হ’ব পাৰে বাহন। আনকি বাতিল হ’ব পাৰে ফিটনেছ প্ৰমাণপত্ৰও (Assam Speed Limiter Rule)।

১৮ নৱেম্বৰত জাৰি কৰা এই নিৰ্দেশনা কেন্দ্ৰীয় মটৰ বাহন বিধি, ১৯৮৯ৰ ১১৮ নং নিয়মৰ অধীনত প্ৰযোজ্য হ’ব। নতুন- পুৰণি সকলো নিৰ্ধাৰিত বাণিজ্যিক বাহন এই নিয়মৰ আওতাত পৰিব। অৱশ্যে দুচকীয়া, তিনিচকীয়া, কোৱাড্ৰিচাইকেল, অগ্নিনিৰ্বাপক বাহন, এম্বুলেন্স আৰু আৰক্ষীৰ বাহনক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।

বাহনৰ গৰাকীয়ে নিৰ্মাণকাৰী সংস্থাই সংস্থাপন কৰি দিয়া স্পীড লিমিটাৰ ব্যৱহাৰ কৰিব পাৰিব। অথবা অনুমোদিত প্ৰতিষ্ঠানৰ জৰিয়তেও এই যন্ত্ৰ সংস্থাপন কৰিব পাৰিব। সংস্থাপনৰ পিছত প্ৰতিষ্ঠানসমূহে যন্ত্ৰটো ছীল কৰি বাহনৰ সন্মুখৰ গ্লাছত ষ্টিকাৰ লগাব লাগিব। লগতে ফটো VAHAN পৰ্টেলত আপলোড কৰি ডিজিটেল প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগিব (Commercial Vehicle Rules Assam)।

বাহনৰ ফিটনেছ পৰীক্ষাৰ সময়ত স্পীড লিমিটাৰ কাৰ্যক্ষম হৈ আছেনে নাই, সেয়াও পৰীক্ষা কৰা হ’ব। VAHAN পৰ্টেলত সংস্থাপনৰ তথ্য নথিভুক্ত নাথাকিলে বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ প্ৰদান বা নবীকৰণ কৰা নহ’ব। পথত চলাচলৰ অনুমতিও লাভ নকৰিব বাহনখনে (Assam New Traffic Rules)।

ৰাষ্ট্ৰীয় ঘাইপথ ২৭, ১৭ আৰু ১৫কে ধৰি ৰাজ্যৰ গুৰুত্বপূৰ্ণ পথসমূহত আৰক্ষী আৰু পৰিবহণ বিভাগে নিয়মীয়াকৈ অভিযান চলাব। স্পীড লিমিটাৰ সংস্থাপনৰ সুবিধাৰ্থে জিলা পৰিবহণ কাৰ্যালয়, বাছ আস্থান আৰু ট্ৰাক পাৰ্কিং এলেকাত বিশেষ শিবিৰো স্থাপন কৰা হ’ব।

নিৰ্ধাৰিত গতিসীমা অতিক্ৰম কৰি বাহন চলালে চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে, স্পীড লিমিটাৰ আঁতৰোৱা, ভাঙি পেলোৱা অথবা ইয়াৰ সৈতে হেতালি খেলাৰ অভিযোগ প্ৰমাণিত হ’লে বাহন জব্দ কৰাৰ লগতে মটৰ বাহন আইনৰ ৫৩ নং ধাৰাৰ অধীনত পঞ্জীয়ন নিলম্বন কৰিব পাৰে। এনে ক্ষেত্ৰত আৰক্ষীৰ গোচৰো ৰুজু কৰা হ’ব।

কেৱল বাহনৰ গৰাকীয়েই নহয়, স্পীড লিমিটাৰ সংস্থাপনৰ ক্ষেত্ৰত অনিয়ম কৰা অনুমোদিত প্ৰতিষ্ঠান আৰু নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব। প্ৰয়োজনত তেওঁলোকৰ অনুমোদন বাতিল কৰাৰ লগতে ব্লেকলিষ্টেড কৰা হ’ব।

নতুন নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে। ইয়াৰ অগ্ৰগতিৰ বিষয়ে জিলা পৰিবহণ বিষয়াসকলে প্ৰতি ১৫ দিনৰ মূৰে মূৰে প্ৰতিবেদন দাখিল কৰিব লাগিব।

লগতে পঢ়ক: Assam Road Accident: ৰাজ্যত পথ দুৰ্ঘটনাৰ উদ্বেগজনক ছবি! ১৫% বৃদ্ধিৰ পাছতে কঠোৰ অভিযান



Source link

Leave A Reply

Your email address will not be published.