Voice of Eastern India

Duliajan triple murder Case: অনলাইন গেমিংৰ ঋণেই কাল হ’ল! ৰাজ্য কঁপোৱা দুলীয়াজান হত্যাকাণ্ডৰ আঁৰত ভয়ংকৰ তথ্য


Duliajan triple murder Case: অনলাইন গেমিঙে মাতিলে সৰ্বনাশ! ঋণ পৰিশোধৰ বাবে তিনিজনক হত্যা কৰাৰ অভিযোগ।

দুলীয়াজানৰ কমলাবাৰীত ৰাজ্য কঁপাই যোৱা একেটা পৰিয়ালৰ তিনিজন সদস্যক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। অনলাইন গেমিঙৰ জালত পৰি প্ৰায় ৪ লাখ টকাৰ ঋণত পোত যোৱাৰ পিছতে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত পৰিয়ালটোৰ কেয়াৰটেকাৰ ৰাজু দাস আৰু তেওঁৰ সহযোগী আমিৰ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Duliajan triple murder Case)।

সোমবাৰে কমলাবাৰীৰ নিজ বাসগৃহতে নৃশংস হত্যাকাণ্ডৰ বলি হয় চন্দ্ৰকান্ত ভুঞা, তেওঁৰ পত্নী এলিজা ভুঞা আৰু কন্যা নিহাৰিকা ভুঞা। অভিযোগ অনুসৰি, মাতৃ-কন্যাক প্ৰথমে লোহাৰ ৰডেৰে প্ৰহাৰ কৰাৰ পিছত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰা হয়। পত্নী আৰু কন্যাক আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি অহাৰ সময়তে চন্দ্ৰকান্ত ভুঞাকো হত্যা কৰে দুৰ্বৃত্তই। উল্লেখ্য যে চন্দ্ৰকান্ত ভুঞা অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, পৰিয়ালটোৰ কেয়াৰটেকাৰ ৰাজু দাসে অনলাইন গেমিঙত প্ৰায় ৪ লাখ টকা হেৰুৱাইছিল। এই ধন তেওঁ নিজৰ পিতৃৰ পৰা ঋণ হিচাপে লৈছিল। ঋণ পৰিশোধৰ বাবে ধনৰ প্ৰয়োজন হোৱাত সহযোগী আমিৰ দাসৰ সৈতে মিলি ভুঞা পৰিয়ালৰ ঘৰত ডকাইতিৰ পৰিকল্পনা কৰে ৰাজুৱে। আৰক্ষীৰ সন্দেহ, পৰিকল্পনা অনুসৰিয়েই দুয়ো ঘৰত প্ৰৱেশ কৰি তিনিওজনকে হত্যা কৰাৰ লগতে নগদ ধন আৰু মূল্যৱান সামগ্ৰী লুটি নিয়ে (Duliajan Bhuyan family murder)।

হত্যাকাণ্ড সংঘটিত কৰিয়েই দুয়ো পলায়নৰ পৰিকল্পনা কৰিছিল। প্ৰথমে গুৱাহাটীলৈ গৈ তাৰ পৰা বেংগালুৰু অভিমুখে যোৱাৰ লক্ষ্য আছিল তেওঁলোকৰ। কিন্তু আৰক্ষীৰ তৎপৰতাত সেই পৰিকল্পনা সফল নহ’ল। ডিব্ৰুগড় আৰক্ষী, চৰাইদেউ আৰক্ষী আৰু ৰে’লৱে আৰক্ষীৰ যৌথ অভিযানত শিমলুগুৰি ৰে’লৱে ষ্টেচনত অৱধ অসম এক্সপ্ৰেছত উঠি গুৱাহাটীলৈ পলায়নৰ চেষ্টা কৰাৰ সময়তে দুয়োকে আটক কৰা হয়।

ধৃত ৰাজু দাস (৩০) কমালাবাৰীৰ বাসিন্দা। তেওঁ পেছাত এগৰাকী ৰং মিস্ত্ৰী। আনহাতে, আনজন অভিযুক্ত আমিৰ দাস চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ বাসিন্দা আৰু পেছাত প্লাম্বাৰ। পূৰ্বতে আমিৰে ৰাজুৰ পিতৃৰ সৈতে কাম কৰিছিল বুলি জানিব পৰা গৈছে।

ইফালে, হত্যাকাণ্ড সংঘটিত হোৱা বাসগৃহৰ পৰা চুৰি হোৱা বুলি সন্দেহ কৰা কেইবাবিধো সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আছে প্ৰায় ১৩,৫১০ টকা নগদ ধন, সোণৰ অলংকাৰ আৰু অন্যান্য মূল্যৱান সামগ্ৰী।

মঙলবাৰে এখন সংবাদমেলযোগে তদন্তৰ অগ্ৰগতিৰ বিষয়ে সদৰী কৰে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নিৰ্মল ঘোষে। তেওঁ জানিবলৈ দিয়া মতে, ঘটনাৰ তদন্তত বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে ঘটনাস্থলীৰ আশে-পাশে থকা CCTV কেমেৰাৰ ফুটেজো পৰীক্ষা কৰা হৈছিল। এই তথ্যসমূহৰ ভিত্তিতে অভিযুক্ত দুজনৰ সন্ধান উলিওৱাৰ লগতে হত্যাকাণ্ডৰ ঘটনাক্ৰম পুনৰ নিৰ্মাণ কৰিবলৈ সক্ষম হয় আৰক্ষী।

লগতে পঢ়ক: Duliajan Triple Murder Case: আৰক্ষীৰ জালত দুলীয়াজান কাণ্ডৰ দুই অভিযুক্ত ৰাজু দাস আৰু অমিৰ দাস



Source link

Leave A Reply

Your email address will not be published.