Voice of Eastern India

Gauhati High Court: ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ নহয় PAN কাৰ্ড, ভোটাৰ আইডি! কি ক’লে গুৱাহাটী উচ্চ ন্যায়ালয়ে?


Gauhati High Court: কেৱল PAN কাৰ্ড, ভোটাৰ আইডিৰে প্ৰমাণ নহয় ভাৰতীয় নাগৰিকত্ব, ক’লে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

PAN কাৰ্ড আৰু ভোটাৰ কাৰ্ড থাকিলেই ভাৰতীয় নাগৰিক বুলি প্ৰমাণ নহয়। নাগৰিকত্বৰ প্ৰমাণৰ বাবে এই নথি-পত্ৰৰ আঁৰত থকা তথ্য আৰু সংশ্লিষ্ট ৰেকৰ্ডো নিৰ্ভৰযোগ্যভাৱে প্ৰমাণ কৰিব লাগিব। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

এগৰাকী মহিলাৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে স্পষ্ট কৰে যে কেৱল PAN কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব সাব্যস্ত কৰিব নোৱাৰি। আদালতৰ মতে, এই নথি-পত্ৰসমূহ আবেদনকাৰীৰ স্ব-ঘোষণাৰ ভিত্তিত প্ৰদান কৰা হয়। ইয়াৰ বাবে আয়কৰ বিভাগ বা নিৰ্বাচন আয়োগে কোনো আনুষ্ঠানিক অনুসন্ধান নকৰে। সেয়ে সংশ্লিষ্ট মূল তথ্য-প্ৰমাণ দাখিল কৰাটো জৰুৰী (Gauhati High Court)।

ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ খণ্ড বিচাৰপীঠে মহিলাগৰাকীৰ আবেদন খাৰিজ কৰি এই ৰায় দিয়ে। বিদেশী ন্যায়াধিকৰণে তেওঁক ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত ভাৰতত প্ৰৱেশ কৰা বিদেশী বুলি ঘোষণা কৰিছিল। এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল মহিলাগৰাকী (PAN card voter ID citizenship)।

মহিলাগৰাকীৰ দাবী আছিল, ১৯৭৭ চনৰ ২৫ এপ্ৰিলত অসমত তেওঁৰ জন্ম হৈছিল। নাগৰিকত্বৰ প্ৰমাণ হিচাপে তেওঁ ১৯৬৬ আৰু ১৯৭০ চনৰ ভোটাৰ তালিকাত থকা দাবী কৰা ককা-আইতাকৰ নাম, পিতৃৰ PAN কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ, নিজৰ ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু NRC আবেদনৰ প্ৰাপ্তিস্বীকাৰ পত্ৰ দাখিল কৰিছিল।

তেওঁৰ পিতৃয়ে লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচিত পাৰিষদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল বুলি আদালতক জনাইছিল। কিন্তু এই তথ্যসমূহে তেওঁ যে মহিলাগৰাকীৰ পিতৃ, সেয়া প্ৰমাণ কৰিব নোৱাৰে বুলি আদালতে মন্তব্য কৰে।

আদালতৰ মতে, মহিলাগৰাকীয়ে তেওঁৰ দাবী কৰা পিতৃ আৰু ককা-আইতাকৰ সৈতে থকা সম্পৰ্কৰ নিৰ্ভৰযোগ্য প্ৰমাণ দাখিল কৰিব পৰা নাই। তদুপৰি ১৯৭০ৰ পৰা ১৯৯৭ চনলৈ তেওঁলোকৰ অসমত ধাৰাবাহিক বসবাসৰ তথ্যও প্ৰতিষ্ঠা হোৱা নাই। নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬(ক)(২) ধাৰা অনুসৰি এই বিষয়টো প্ৰমাণ কৰাটো বাধ্যতামূলক আছিল।

আনহাতে, পূৰ্বৰ অধিবক্তাই ভুল পৰামৰ্শ দিয়াৰ বাবে প্ৰয়োজনীয় নথি দাখিল কৰিব পৰা নাছিল বুলি মহিলাগৰাকীয়ে কৰা দাবীও আদালতে গ্ৰহণ নকৰিলে। আদালতে কয় যে বিদেশী ন্যায়াধিকৰণে অতিৰিক্ত প্ৰমাণ দাখিলৰ বাবে তেওঁক কেইবাবাৰো সুযোগ দিছিল। তথাপি তেওঁ সেই সুযোগ ব্যৱহাৰ কৰা নাছিল।

দাখিল কৰা নথি-পত্ৰৰ মাজতো কেইবাটাও বিসংগতি ধৰা পৰে। এলেকা সভাৰ প্ৰতিনিধিৰ প্ৰমাণ-পত্ৰৰ সত্যতা প্ৰতিষ্ঠা হোৱা নাছিল। NRC আবেদনৰ মূল প্ৰাপ্তিস্বীকাৰ পত্ৰও দাখিল কৰা হোৱা নাছিল। একেদৰে ৰেচন কাৰ্ড আৰু ২০১৮ চনৰ ভোটাৰ তালিকাইও পিতৃৰ সৈতে থকা সম্পৰ্ক প্ৰমাণ কৰিব পৰা নাছিল।

সকলো দিশ বিবেচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ আবেদন খাৰিজ কৰাৰ লগতে বিদেশী ন্যায়াধিকৰণৰ সিদ্ধান্ত বাহাল ৰাখে। ইয়াৰ উপৰি ২০২২ চনত তেওঁক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনো প্ৰত্যাহাৰ কৰে আদালতে।

লগতে পঢ়ক: Assam Cabinet Decisions: অসম কেবিনেটৰ তিনিটা ডাঙৰ সিদ্ধান্ত, কাৰ বাবে কি ঘোষণা মুখ্যমন্ত্ৰীৰ?



Source link

Leave A Reply

Your email address will not be published.