মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ হাইস্পীড ৰে’ল কৰিডৰ গুৱাহাটীলৈ সম্প্ৰসাৰণ কৰা হ’ব বুলি উল্লেখ কৰিছে।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰ, ১ নৱেম্বৰত কয় যে প্ৰস্তাৱিত উত্তৰ হাই-স্পীড ৰে’ল কৰিড’ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণ কৰা হ’ব, যাৰ ফলত গুৱাহাটী আৰু দিল্লীৰ মাজত আঠ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা পূৰণ হ’ব।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই কৰিড’ৰটো প্ৰথমতে শিলিগুৰিতে অন্ত পেলাবলৈ পৰিকল্পনা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াক উত্তৰ-পূবলৈ সম্প্ৰসাৰণ কৰা হৈছে। এই সিদ্ধান্তৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জনায়। উল্লেখ যে গুৱাহাটীক প্ৰস্তাৱিত নেটৱৰ্কত অন্তৰ্ভুক্ত কৰাৰ দাবীত মুখ্যমন্ত্ৰী গৰাকীয়ে জুলাই মাহত বৈষ্ণৱক লিখিত অনুৰোধ দাখিল কৰাৰ উপৰি সাক্ষাৎ কৰিছিল।
মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে, কেতিয়াবা কিছুমান সপোন ইমান ডাঙৰ হয় যে সেইবোৰ বাস্তৱ হ’ব বুলি ভবাৰ সাহসো নহয়। অসমৰ বাবে বুলেট ট্ৰেইন তেনে এক সপোনেই আছিল। আজি সেই সপোন বাস্তৱায়নৰ দিশত এখোজ আগুৱাই যোৱাত সঁচাকৈয়ে আনন্দিত হৈছোঁ। দিল্লীৰ পৰা শিলিগুড়িলৈ প্ৰস্তাৱিত বুলেট ট্ৰেইন কৰিড’ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ বাবে কৰা আমাৰ প্ৰস্তাৱত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় ৰে’লমন্ত্ৰী শ্ৰীঅশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই ইতিবাচক সঁহাৰি জনাইছে। ইয়াৰ বাবে দুয়োগৰাকী অসমহিতৈষীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
গুৱাহাটীৰ পৰা দিল্লীলৈ ৮ ঘণ্টাৰো কম সময়ত যাত্ৰা! কল্পনা কৰকচোন, এয়া আমাৰ যুৱপ্ৰজন্ম, উদ্যোগী, ব্যৱসায়ী আৰু পৰ্যটন ক্ষেত্ৰৰ বাবে কিমান ডাঙৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। কেৱল যাত্ৰাৰ সময়েই কমিব এনে নহয়, দেশৰ উন্নয়নৰ গতিতো অধিক শক্তিশালীভাৱে চামিল হ’ব অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল। মই সদায় বিশ্বাস কৰোঁ, অসমৰ বাবে ডাঙৰ সপোন দেখাৰ সময় এয়া আৰু সেই সপোনবোৰক বাস্তৱত পৰিণত কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। যি অসমে এসময়ত বুলেট ট্ৰেইনৰ কথা কল্পনাও কৰা নাছিল, সেই অসমেই এতিয়া দেশৰ দ্ৰুততম ৰে’ল যোগাযোগৰ মানচিত্ৰত স্থান পাবলৈ আগবাঢ়িছে।
এয়াই মোদীজীৰ নেতৃত্বত নতুন ভাৰত আৰু নতুন অসমৰ শক্তি।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “দিল্লী আৰু দুখন ৰাজ্যৰ ৰাজধানীলৈ দ্ৰুত, সুলভ আৰু বিমানৰ দৰে যোগাযোগ ব্যৱস্থাই ব্যৱসায় আৰু জীৱিকাৰ এনেকুৱা অপাৰ সম্ভাৱনা মুকলি কৰিব।”
লগতে পঢ়ক: গুৱাহাটীলৈ আহিল বুলেট ট্ৰেইন, কেন্দ্ৰৰ সেউজ সংকেত
