মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ বাবে এক ভাল খবৰ দিছে। গুৱাহাটীলৈ আহিল বুলেট ট্ৰেইন।
পূৰ্বে প্ৰস্তাৱিত দিল্লী–শিলিগুৰি হাইস্পীড ৰে’ল কৰিড’ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। ১ নৱেম্বৰত এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সিদ্ধান্তক পূব ভাৰতৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমত তেওঁ কয়, “গুৱাহাটী–দিল্লী ৮ ঘণ্টাতকৈ কম সময়ত? হয়! উত্তৰ বুলেট ট্ৰেইন কৰিড’ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণ পূব ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত।”
উল্লেখ্য যে দিল্লীৰ পৰা শিলিগুৰিলৈকে বুলেট ট্ৰেইন কৰিড’ৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু গুৱাহাটীক এই প্ৰকল্পৰ সৈতে সংযোগ কৰাৰ দাবীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ লিখিতভাৱে আবেদন জনাইছিল। জুলাই মাহত মন্ত্ৰীগৰাকীৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছতে কৰিড’ৰটো উত্তৰ-পূৰ্বাঞ্চললৈ সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱা হয়।
মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তক “জনতাৰ কথা শুনি সেই অনুসৰি কাম কৰা এখন চৰকাৰৰ উদাহৰণ” বুলিও অভিহিত কৰে।
তেওঁ কয় যে এই হাইস্পীড ৰে’ল সংযোগে অসমক ভৱিষ্যতে নতুন প্ৰযুক্তিনিৰ্ভৰ উদ্যোগৰ বাবে সাজু কৰাত সহায় কৰিব। দিল্লী আৰু দুখন ৰাজ্যৰ ৰাজধানীলৈ বিমানযাত্ৰাৰ দৰে দ্ৰুত, সুলভ আৰু সুবিধাজনক যাতায়াত ব্যৱস্থা গঢ়ি উঠিলে ব্যৱসায়-বাণিজ্যৰ লগতে কৰ্মসংস্থাপনৰো নতুন সুযোগ সৃষ্টি হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
শৰ্মাই লগতে কয়, “অসমলৈ বুলেট ট্ৰেইন অহাৰ কথা এসময়ত ইমানেই অসম্ভৱ যেন লাগিছিল যে এইটো কেতিয়াও জনসাধাৰণৰ দাবী হিচাপেও উত্থাপিত হোৱা নাছিল। আজি আমি যিটো সপোন দেখিবলৈও সাহস কৰা নাছিলোঁ, সেয়াই বাস্তৱত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে।”
ইফালে, সামাজিক মাধ্যমত প্ৰকাশ কৰা পোষ্টটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনৈতিক মন্তব্যও কৰে। তেওঁ লিখে, “ইচিলিয়েই, মোদী কহী নহী জায়েগা!” অৰ্থাৎ “সেইবাবেই মোদী ক’লৈও নাযায়।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালক লৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কৰা শেহতীয়া মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে এই মন্তব্য কৰা বুলি ধাৰণা কৰা হৈছে।
ইয়াৰ পূৰ্বে ৭ জুনত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ প্ৰেৰণ কৰা এখন পত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মূল দিল্লী–শিলিগুৰি কৰিড’ৰৰ পৰিকল্পনাত গুৱাহাটীক অন্তৰ্ভুক্ত নকৰাত উদ্বেগ প্ৰকাশ কৰিছিল। পত্ৰখনত তেওঁ গুৱাহাটীক “উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ” হিচাপে উল্লেখ কৰাৰ লগতে অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু পৰিবহণ কেন্দ্ৰ বুলি অভিহিত কৰিছিল।
গুৱাহাটীলৈ এই কৰিড’ৰ সম্প্ৰসাৰণ কৰিলে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ সৈতে অধিক শক্তিশালীভাৱে সংযুক্ত কৰাত সহায় কৰিব বুলিও তেওঁ পত্ৰখনত উল্লেখ কৰিছিল।
ইফালে, ১ নৱেম্বৰত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে নিশ্চিত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বুলেট ট্ৰেইন নেটৱৰ্কৰ উত্তৰ কৰিড’ৰ নিৰ্মাণত অনুমোদন জনাইছে। এই কৰিড’ৰে দিল্লীক আগ্ৰা, কানপুৰ, লক্ষ্ণৌ, অযোধ্যা, বাৰাণসী, পাটনা হৈ গুৱাহাটীৰ সৈতে সংযোগ কৰিব।
মন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱিত কৰিড’ৰৰ বিভিন্ন স্থানলৈ যাত্ৰাৰ সময়ৰ বিষয়েও তথ্য প্ৰকাশ কৰে। কৰিড’ৰটো সম্পূৰ্ণ হ’লে দিল্লীৰ পৰা আগ্ৰালৈ যাত্ৰাৰ সময় ৫৯ মিনিট, কানপুৰলৈ ১ ঘণ্টা ৪৫ মিনিট, লক্ষ্ণৌলৈ ২ ঘণ্টা ১২ মিনিট আৰু বাৰাণসীলৈ ৩ ঘণ্টা ৩৩ মিনিটলৈ হ্ৰাস পাব বুলি তেওঁ কয়।
বুলেট ট্ৰেইনৰ ভাড়া সাধাৰণ লোকৰ বাবে ব্যয়বহুল হ’ব বুলি উত্থাপিত আশংকাৰ বিষয়তো বৈষ্ণৱে মন্তব্য কৰে। তেওঁৰ মতে, বিৰোধী দলৰ বহু নেতাই বুলেট ট্ৰেইন কেৱল ধনী লোকৰ বাবেহে বুলি ভুল ধাৰণা সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে। কিন্তু এই ৰে’লৰ ভাড়া “অতি সুলভ” হ’ব আৰু বিমানৰ ভাড়াতকৈ যথেষ্ট কম হ’ব বুলি কেন্দ্ৰীয় ৰে’লমন্ত্ৰীগৰাকীয়ে দাবী কৰে।
