ধুবুৰী জিলাৰ আলমগঞ্জৰ নৱম খণ্ডত হোৱা উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কবৰস্থান উচ্ছেদৰ সময়তে অচেতন হ’ল বেদখলকাৰী।
ধুবুৰী জিলাৰ আলমগঞ্জৰ নৱম খণ্ডত চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে দেওবাৰে (১ নৱেম্বৰ) পুৱা ৬ বজাৰ পৰা এক বৃহৎ উচ্ছেদ অভিযান চলাই। আইন-শৃংখলা বজাই ৰাখিবলৈ অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়ন কৰা হয়। দুহেজাৰ বিঘাৰো অধিক ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যৰে এই উচ্ছেদ চলোৱা হৈছে।
আল্লা হু আকবৰ ধ্বনিৰে বেদখলকাৰীৰ হাহাকাৰ। যিকোনো অনাকাংক্ষিত পৰিস্থিতি প্ৰতিহত কৰিবলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে বুলড’জাৰেৰে কবৰস্থান ভাঙিবলৈ যাওতেই এক উত্তপ্তৰ পৰিস্থিতি হয়।
জানিব পৰা মতে মুঠ ৮০০ বিঘা চৰকাৰী মাটিৰ ভিতৰত প্ৰায় ৬৫০ বিঘা মাটিত এই উচ্ছেদ অভিযান চলোৱা হৈছে। এই অঞ্চলটোত প্ৰায় ৫৫০ টা পৰিয়ালৰ প্ৰায় ৪,০০০ জনসংখ্যাই বসবাস কৰি আছিল। এই উচ্ছেদ প্ৰক্ৰিয়াটো শুনানি আৰু আৱশ্যকীয় আইনী আদেশ প্ৰদানৰ দৰে এক দীঘলীয়া প্ৰশাসনিক নিয়মৰ পিছতহে কাৰ্যকৰী কৰা হৈছে। প্ৰশাসনে বেদখলকাৰীক ভূমি খালী কৰিবলৈ এমাহৰ সময়সীমা বান্ধি দিছিল।
কবৰস্থান উচ্ছেদৰ সময়তে অচেতন হ’ল বেদখলকাৰী। কান্দোনত ভাগি পৰিছে শ শ লোক। কিছু সংখ্যক লোকে উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ পূৰ্বেই নিজৰ সা-সম্পত্তি লৈ সেই স্থানৰ পৰা আঁতৰি গৈছিল।
৩১ অক্টোবৰত প্ৰশাসনে প্ৰায় ২,৮৫০ বিঘা চৰকাৰী মাটিত উচ্ছেদ চলোৱাৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা বেদখলকাৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই উচ্ছেদ অভিযানে আবাসীসকলৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। বহু পৰিয়ালে চৰকাৰৰ ওচৰত বিকল্প বাসস্থান আৰু পুনৰসংস্থাপনৰ বাবে আবেদন জনাইছে। কিছুমানে দাবী কৰা মতে, তেওঁলোকে ব্যক্তিগত লোকৰ পৰাহে এই মাটি ক্ৰয় কৰিছিল আৰু ই যে চৰকাৰী সম্পত্তি আছিল, সেই বিষয়ে তেওঁলোক অৱগত নাছিল।
লগতে পঢ়ক: ৪,০০০ আৰক্ষী জোৱান আৰু ২৭০ টা CAPF কোম্পানী; সমাৱেশৰ পূৰ্বেই দুৰ্গলৈ পৰিণত দিল্লী
