জুবিন ক্ষেত্ৰত উপস্থিত হৈ ভগ্নী পামী বৰঠাকুৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। জুবিন গাৰ্গে ন্যায় পাবনে বুলিও তেওঁ প্ৰশ্ন কৰিছে।
জুবিন গাৰ্গৰ ন্যায় বিচাৰি জুবিন ক্ষেত্ৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই প্ৰতিবাদত অংশগ্ৰহণ কৰি জুবিন গাৰ্গ ভগ্নী পামী বৰঠাকুৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। পামী বৰঠাকুৰে কৈছে যে, আমি ইয়াত সকলো গোট খাইছো কাৰণে এইয়া আমাৰ এক শান্তি আহ্বান। যোৱা এক বছৰে অসমবাসীয়ে যিখিনি সন্দেহ কৰি আহিছিলে, সকলোৱে বিশ্বাস কৰিছিল যে SIT এ ভালকৈ কাম কৰিছে। আমাকো তেওঁলোকে ভালকৈ কাম কৰিছে বুলিয়েই জনাইছিলে। আমি আইনৰ কথা ইমান বুজি নাপাওঁ, কিন্তু আমাক চাৰ্জশ্বীট জমা দিছে বুলি কৈছিল। কিন্তু অসমবাসীয়ে কৈ আছিলে যে চাৰ্জশ্বীটখনত সুৰুঙা আছে। এতিয়া সেই কথাবোৰৰ এটা এটাকৈ প্ৰমাণ হৈ পৰিছে। আৰু আমাৰো তেনেকুৱাই ধাৰণা হৈছে।
তেওঁ লগতে কয় যে, গোচৰটোৰ মূল অভিযুক্ত এগৰাকীয়ে কেনেকৈ জামিন লাভ কৰিলে। কিহৰ ভিত্তিত তেওঁৰ জামিন মঞ্জুৰ কৰা হ’ল। তেওঁৰ কথাখিনি কেনেকোৱা ধৰণেৰে চাৰ্জশ্বীটত উপস্থাপন কৰা হৈছিল সেই সকলোবোৰৰ ওপৰত ভিত্তি কৰিয়েই আদাৰতে ৰায় দিছে। সেই প্ৰশ্নটো মনটো আহিছে। এতিয়া এগৰাকীয়ে জামিন পাইছে, এনেদৰে হ’লে বাকী কেইগৰাকীয়েও জামিন পাবলৈ সময় নালাগিব। তেতিয়াহ’লে আমাৰ যথেষ্ট অসুবিধা হ’ব। এই ঘটনাৰ বাবে ৰ’জি কলিতা জবাবদিহি হ’ব নে? সকলোৱে যদি জামিন লাভ কৰে তেনেহলে মোৰ দাদাই ন্যায় পাব নে? সেইটো এতিয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে।
পামী বৰঠাকুৰে লগতে কয় যে, আমি জানিব পাৰিছো যে, জে’লৰ ভিতৰত থকাৰ পিছটো শ্যামকানু মহন্তই প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছে। কিন্তু সেই ৰিপৰ্টো আমি পোৱা নাই। কিন্তু জে’লৰ ভিতৰত তেওঁ প্ৰমাণ নষ্ট কৰিবলৈ কোনেকৈ সুবিধা পালে। এই ক্ষেত্ৰত কাৰাগাৰ নিৰাপত্তাক লৈও প্ৰশ্ন আহিছে। সেই জে’লখনত কেৱল তেওঁলোক ৫ গৰাকী হে আছে, তেওঁলোকক কেনেকৈ ৰাখিছে,কয়দী হিচাপে ৰাখিছে নে ভিআইপি হিচাপে ৰাখিছে, সেইবিলাকো এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু সেইবিলাক মানুহে যদি জামিন পাই তেনেহ’লে আমাৰ কি হ’ব।
লগতে পঢ়ক: “প্ৰাণলৈ ভাবুকি আহিছে”; জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদত গৰিমা গাৰ্গ
