Voice of Eastern India

Assam Tax Department: নতুন বিত্তীয় বৰ্ষৰ পূৰ্বে অসমৰ কৰ বিভাগত বৃহৎ সালসলনিৰ পৰিকল্পনা


Assam Tax Department: ৰাজ্যৰ ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে কৰ বিভাগত নতুন কৌশল, বিষয়াসকললৈ বিশেষ নিৰ্দেশ বিত্তমন্ত্ৰীৰ।

অহা বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে অসমৰ কৰ বিভাগৰ কাম-কাজত ব্যাপক পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। কৰ সংগ্ৰহ বৃদ্ধি কৰাৰ লগতে বিভাগটোৰ কাম-কাজ অধিক স্বচ্ছ আৰু গতিশীল কৰি তোলাত গুৰুত্ব দিয়া হৈছে। শুকুৰবাৰে (৯ অক্টোবৰ) গুৱাহাটীৰ কৰ ভৱনত অনুষ্ঠিত এখন উচ্চপৰ্যায়ৰ বৈঠকত এই কথা সদৰী কৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Assam Tax Department)।

ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ কৰ চক্ৰসমূহৰ বাবে নতুন লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কোনগৰাকী বিষয়াক কি দায়িত্ব দিয়া হ’ব, সেয়া তেওঁলোকৰ দক্ষতা আৰু পূৰ্বৰ কামৰ মূল্যায়নৰ ভিত্তিত ঠিক কৰিবলৈ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে, বিষয়াসকলৰ সামৰ্থ্য অনুসৰি দায়িত্ব নিৰ্ধাৰণ কৰিলে ৰাজহ সংগ্ৰহৰ লক্ষ্য পূৰণ কৰাটো সহজ হ’ব (Assam Revenue Collection)।

বৈঠকত জয়ন্ত মল্ল বৰুৱাই কয় যে ৰাজ্যৰ উন্নয়নৰ বাবে নিজা ৰাজহ বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়। নিজৰ উপাৰ্জন বৃদ্ধি হ’লে উন্নয়নমূলক কামৰ বাবে অধিক ধন ব্যয় কৰিব পৰা যাব। লগতে বাহিৰৰ আৰ্থিক সাহায্যৰ ওপৰত নিৰ্ভৰশীলতাও হ্ৰাস পাব (Assam Tax Department Restructuring)।

আনহাতে, কৰ সংগ্ৰহ আৰু ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত বিষয়াসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়েও আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে। এই সমস্যাসমূহৰ প্ৰকৃত কাৰণ চিনাক্ত কৰি সমাধানৰ বাবে কাৰ্যকৰী পৰামৰ্শ দিবলৈ তেওঁ কৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। বিভাগটোৰ কাম-কাজত থকা বাধা আঁতৰাই স্বচ্ছতা নিশ্চিত কৰাত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে।

ৰাজ্যৰ ৰাজহ সংগ্ৰহত সামগ্ৰী আৰু সেৱা কৰ (GST)-ৰ ভূমিকা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক কৰ সংগ্ৰহৰ ক্ষেত্ৰত অধিক দক্ষতাৰে কাম কৰিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত অসমৰ প্ৰদৰ্শন ৰাষ্ট্ৰীয় গড়তকৈ উন্নত কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে।

ইফালে, বৈঠকৰ পূৰ্বে নতুনকৈ নিযুক্তি লাভ কৰা কৰ পৰিদৰ্শকসকলক প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। ৫০ দিনীয়া বিভাগীয় প্ৰশিক্ষণ সম্পূৰ্ণ কৰা এইসকল নৱনিযুক্ত পৰিদৰ্শকৰ সৈতে তেওঁ মত বিনিময় কৰে। কৰ্তব্য পালনৰ ক্ষেত্ৰত সততা, নিষ্ঠা আৰু পেছাদাৰিত্ব বজাই ৰাখিবলৈ তেওঁলোকক আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ ৰাজহ বৃদ্ধিত সক্ৰিয় ভূমিকা ল’বলৈ উৎসাহিত কৰে।

বৈঠকত ৰাজ্যৰ কৰ আয়ুক্ত জিতু দলেৰ লগতে বিভাগটোৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। বৈঠকত ৰাজহ সংগ্ৰহৰ শেহতীয়া তথ্য পৰ্যালোচনা কৰাৰ লগতে কৰ বিভাগৰ প্ৰস্তাৱিত সালসলনি কেনেদৰে কাৰ্যকৰী কৰা হ’ব, সেই সন্দৰ্ভতো আলোচনা কৰা হয়।

লগতে পঢ়ক: Himashri Boro death case: হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু! ৰেল মন্ত্ৰী আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী পত্ৰ



Source link

Leave A Reply

Your email address will not be published.