Mumtaz Begum Controversy: মমতাজ বেগমক লৈ কংগ্ৰেছৰ মিথ্যাচাৰ ফাদিল, মুখ্যমন্ত্ৰীৰ সহায় ভিক্ষা পুত্ৰৰ
Mumtaz Begum Controversy: উপ-নিৰ্বাচনৰ মাজতে মমতাজ বেগমৰ পুত্ৰৰ বিস্ফোৰক অভিযোগ, মুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰচাৰক লৈ ৰাজনৈতিক উত্তাপ বৃদ্ধি পোৱাৰ মাজতে পুনৰ পোহৰলৈ আহিছে নিৰুদ্দেশ হৈ থকা মমতাজ বেগমৰ প্ৰসংগ। মমতাজ বেগমৰ পুত্ৰই এই বিষয়টো লৈ ৰাজনীতি নকৰিবলৈ কংগ্ৰেছ আৰু AIUDF-সহ ৰাজনৈতিক দলসমূহক আহ্বান জনাইছে। মাতৃৰ সন্ধান উলিয়াই পৰিয়ালক তেওঁক ঘূৰাই দিয়াৰ বাবে চৰকাৰৰ ওচৰতো সহায় বিচাৰিছে তেওঁ (Mumtaz Begum Controversy)।
মমতাজ বেগমৰ পুত্ৰই কয়, “মোৰ মা কোনো ৰাজনৈতিক বিষয় নহয়। মোক ৰাজনীতি নালাগে, মোৰ মা লাগে।”
তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ আৰু AIUDF-এ তেওঁৰ মাতৃৰ বিষয়টো ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিছে। পৰিয়ালটোৱে ৰাজনৈতিক সভাত মমতাজ বেগমৰ নাম উচ্চাৰণ কৰাতকৈ তেওঁৰ সন্ধান উলিয়াবলৈ সহায় বিচাৰে বুলি তেওঁ কয় (Mumtaz Begum missing case Nagaon)।
পুত্ৰই অভিযোগ কৰে যে মমতাজ বেগমৰ নিৰুদ্দেশৰ বিষয়টো কংগ্ৰেছ আৰু AIUDF-এ নিৰ্বাচনী প্ৰচাৰত ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিছে। তেওঁৰ মতে, ৰাজনৈতিক সভাত মাতৃৰ নাম লৈ বিতৰ্ক সৃষ্টি কৰাৰ পৰিৱৰ্তে পৰিয়ালটোক তেওঁক বিচাৰি উলিয়াবলৈ সহায় কৰা উচিত।
তেওঁ কয় যে মাতৃ নিৰুদ্দেশ হোৱাৰ পাছত এতিয়ালৈকে কংগ্ৰেছৰ কোনো নেতা তেওঁলোকৰ ঘৰলৈ আহি পৰিয়ালটোৰ খবৰ লোৱা নাই। আনহাতে, AIUDF-ৰ কেইগৰাকীমান লোক পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিছিল যদিও তেওঁলোকৰ পৰা কোনো ধৰণৰ সহায় লাভ কৰা নাই বুলি পুত্ৰগৰাকীয়ে দাবী কৰে।
মাতৃক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে তেওঁ। লগতে নগাঁও উপ-নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA-ৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মায়ো এই ক্ষেত্ৰত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি এই বিষয়ত সহায় বিচাৰিব বিচাৰে বুলিও তেওঁ কয়।
লগতে পঢ়ক: Nagaon Lok Sabha by election: আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ
