Voice of Eastern India

Nimisha Thakuria death Case: নিমিষা কাণ্ডৰ নতুন মোৰ, আন এক অভিযুক্তক আটক আৰক্ষীৰ


Nimisha Thakuria death Case: নিমিষা কাণ্ডৰ সৈতে জড়িত আছে ৰূপম শইকীয়া। প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল নিতু আলীয়ে।

গুৱাহাটীৰ সমীপৱৰ্তী গড়লৰ এটা হোমষ্টেত ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই নতুন মোৰ লৈছে। আৰক্ষীয়ে এই ঘটনাৰে জড়িতৰ অভিযোগত আটক কৰিছে ৰূপম শইকীয়া নামৰ এজন যুৱকক। অভিযোগ অনুসৰি, ঘটনাৰ কেইঘণ্টামান পূৰ্বে ৰূপম শইকীয়া নিমিষা ঠাকুৰীয়া আৰু ঘটনাৰ মূল অভিযুক্ত আছিক আলীৰ সৈতে হোমষ্টেত উপস্থিত আছিল (Nimisha Thakuria death Case)।

বাইহাটা চাৰিআলিৰ বাসিন্দা ৰূপম শইকীয়াই ঘটনাৰ নিশা হোমষ্টেৰ ভিতৰত নিমিষা আৰু আছিক আলীৰ সৈতে সুৰাপান কৰা বুলি জানিব পৰা গৈছে। নিশা প্ৰায় ১০ বজাত তেওঁ হোমষ্টে এৰি ঘৰলৈ উভতি যায়। ইয়াৰ পিছতে পৰিয়ালৰ এজন সদস্যৰ মৃত্যুৰ খবৰ লাভ কৰি তেওঁ মিৰ্জালৈ যাত্ৰা কৰে (Guwahati homestay case)।

পিছদিনা পুৱা তেওঁ নিজৰ বাসগৃহলৈ উভতি আহি গোটেই দিনটো ঘৰৰ ভিতৰতে আছিল। সন্ধিয়া ৰূপম শইকীয়াই মটৰচাইকেলেৰে আদাবাৰী অভিমুখে ওলাই যোৱাৰ পিছতে পৰিয়ালৰ লোকে তেওঁৰ সৈতে সম্পূৰ্ণৰূপে যোগাযোগ হেৰুৱায় (Guwahati crime news)।

বহু ফোন কলৰ উত্তৰ নিদিয়াত তেওঁৰ মাতৃয়ে জালুকবাৰী আৰক্ষী থানাত উপস্থিত হৈ নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে। তেওঁৰ মোবাইল ফোনৰ শেষ সক্ৰিয় সংকেত ৰামপুৰৰ এখন ব্যক্তিগত প্ৰতিষ্ঠানৰ পিছফালে থকা মুকলি পথাৰত অনুসৰণ কৰে। ইয়াৰ পিছতে ফোনটো বন্ধ হৈ যায়।

ইতিমধ্যে ৰূপম শইকীয়াক আটক কৰি জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে।

ইফালে, ঘটনাটোৰ তদন্ত চলাই থকা আৰক্ষীয়ে নিতু আলী নামৰ আন এজন যুৱককো আটক কৰিছে। বাইহাটা চাৰিআলিৰ বাসিন্দা নিতুৰ বিৰুদ্ধে হোমষ্টেৰ কোঠাত দলটোৱে সেৱন কৰা সুৰা যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে নিতু সুৰাৰ বটল-পাৰ্টী কৰা সামগ্ৰী আলীয়ে লুকুৱাবলৈ চেষ্টা কৰাৰ লগতে প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।

ধাৰাপুৰৰ সমীপৱৰ্তী গড়লৰ হোমষ্টেৰ ভিতৰত নিমিষা ঠাকুৰীয়াক অচেতন অৱস্থাত উদ্ধাৰ কৰাৰ পিছতে ঘটনাটোৰ সূত্ৰপাত ঘটে। হোমষ্টেৰ কৰ্মচাৰীয়ে ততাতৈয়াকৈ ছাত্ৰীগৰাকীক ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ইয়াৰ পূৰ্বে আৰক্ষীয়ে মূল অভিযুক্ত আছিক আলীৰ ৮ দিনৰ জিম্মা লাভ কৰিছিল।

লগতে পঢ়ক: Nimisha Thakuria death case: নিমিষা ঠাকুৰীয়া কাণ্ডঃ আদালতত হাজিৰ প্ৰেমিক আছিক আলী



Source link

Leave A Reply

Your email address will not be published.