Voice of Eastern India

APDCL worker death: অক্টোবৰত আছিল বিয়া… তাৰ পূৰ্বেই বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱকৰ


APDCL worker death: অক্টোবৰত বিয়া, তাৰ পূৰ্বেই কৰুণ পৰিণতি, বিদ্যুতৰ কাম কৰি থাকোতেই যুৱকৰ মৃত্যু

বিদ্যুতৰ কাম কৰি থাকোতেই মহানগৰীত যুৱকৰ সৈতে ঘটিল কৰুণ ঘটনা। অক্টোবৰত বিয়াৰ বাবে চলি আছিল যুৱকজনৰ। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই যুৱকজনৰ কৰুণ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন হৈছে (APDCL worker death)।

জানিব পৰা মতে গুৱাহাটীৰ উলুবাৰীৰ দক্ষিণ শৰণীয়া অঞ্চলত বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলত ২৫ বছৰীয়া এজন যুৱকৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাই যুৱকজনৰ পৰিয়ালৰ লগতে আন লোকসকলৰ মাজতো ক্ষোভ আৰু শোকৰ সৃষ্টি কৰিছে (Guwahati electrocution death)।

সোণাপুৰৰ ডিমৰীয়াৰ বাসিন্দা জিতু বড়ো নামৰ যুৱকজনে যোৱা এপ্ৰিলত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) উত্তীৰ্ণ হৈছিল আৰু অসম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড (APDCL)-ত নিযুক্তি লাভ কৰিছিল।

বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱকৰ

প্ৰাপ্ত তথ্য অনুসৰি, কৰ্তব্যৰত অৱস্থাতে যুৱকজনৰ সৈতে এই ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি, এজন জ্যেষ্ঠ কৰ্মচাৰীয়ে তেওঁক বিদ্যুতৰ খুঁটাত উঠি মেৰামতিৰ কাম কৰিবলৈ নিৰ্দেশ দিছিল।

অভিযোগ অনুসৰি, সেই সময়ত বিদ্যুৎ যোগান বন্ধ নকৰাকৈয়ে সকলো ধৰণৰ নিৰাপত্তা বিধি সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছিল।

আনকি মৃত যুৱকজনক নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, যেনে ছেফটি গ্ল’ভছ বা হেলমেটো প্ৰদান কৰা হোৱা নাছিল।

জখলাৰে ওপৰলৈ উঠি যোৱাৰ সময়তে যুৱকজন বিদ্যুৎস্পৃষ্ট হয় আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়। উল্লেখ্য য়ে, জিতুৰ পৰিয়ালে অক্টোবৰত তেওঁৰ বিয়াৰ বাবে প্ৰস্তুতি চলাই আছিল।

লগতে পঢ়ক: পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড কৰি ফ্ৰীজত ভৰাই থ’লে স্বামীয়ে



Source link

Leave A Reply

Your email address will not be published.