Assam Puja Holiday 2026: দুৰ্গা পূজাৰ পূৰ্বে ডাঙৰ ঘোষণা! চাহ শ্ৰমিকলৈ ২০% বোনাছ, অৰুণোদয়ত ১,৫০০ টকা
অসম চৰকাৰে ৰাজ্য চৰকাৰৰ মালিকানাধীন অসম টি কৰ্প’ৰেচন লিমিটেড (ATCL)-ৰ অধীনত থকা চাহ বাগিচাসমূহৰ শ্ৰমিকসকলৰ বাবে ২০ শতাংশ দুৰ্গা পূজা বোনাছ ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ অধিকাংশ চাহ বাগিচা পৰিচালনাই ইতিমধ্যে ঘোষণা কৰা ২০ শতাংশ বোনাছৰ সৈতে সংগতি ৰাখি ATCL-ৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলৰ বাবেও এই বোনাছ ঘোষণা কৰা হৈছে (Assam Durga Puja Bonus 2026)।
কেবিনেট বৈঠকৰ পাছত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, “ৰাজ্যখনৰ ৮০৭খন চাহ বাগিচাৰ ভিতৰত ৫৪৮খন বাগিচাই ইতিমধ্যে ২০ শতাংশ বোনাছ ঘোষণা কৰিছে। এতিয়া আমি ATCL-ৰ বাগিচাসমূহৰ বাবেও এই বোনাছ ঘোষণা কৰিছোঁ।”
মুখ্যমন্ত্ৰীয়ে বাকী থকা চাহ বাগিচাসমূহৰ পৰিচালনাকো দুৰ্গা পূজাৰ উপলক্ষে শ্ৰমিকসকলক ২০ শতাংশ বোনাছ প্ৰদান কৰিবলৈ আহ্বান জনায় (Assam Tea Garden Workers Bonus)।
ইফালে, কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে দুৰ্গা পূজাৰ সময়ত অতিৰিক্ত এদিনৰ ছুটী অনুমোদন কৰিছে। ১৭ অক্টোবৰ অতিৰিক্ত ছুটী হিচাপে ঘোষণা কৰা হ’ব। ইয়াৰ ফলত পূজাৰ বন্ধ ১৭ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বৃদ্ধি পাব (Assam Puja Holiday 2026)।
মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ পূজাৰ তিনিদিনীয়া চৰকাৰী বন্ধৰ এটা দিন দেওবাৰে পৰাৰ বাবে বন্ধৰ সময়ছোৱা চুটি হ’লহেঁতেন। সেয়েহে অতিৰিক্ত এদিনৰ ছুটী অনুমোদন কৰা হৈছে।
ইয়াৰ উপৰি, চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে বিশেষ দুৰ্গা পূজা সাহায্যৰ অনুমোদন জনাইছে। অক্টোবৰ মাহত অৰুণোদয়ৰ হিতাধিকাৰীসকলে নিয়মীয়া ১,২৫০ টকাৰ পৰিৱৰ্তে ১,৫০০ টকা লাভ কৰিব।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা এপ্ৰিল মাহত ৰঙালী বিহুৰ সময়তো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে একেধৰণৰ বিশেষ সাহায্য ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে।
লগতে পঢ়ক: লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰীৰ দুৰ্গা পূজাৰ উপহাৰ
