নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে AIUDF-এ ঘোষণা কৰিলে প্ৰাৰ্থী
নগাঁও লোকসভা আসনৰ উপ-নিৰ্বাচনৰ বাবে সমষ্টিটোত ৰাজনৈতিক কুচকাৱাজ বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ। বিজেপি, কংগ্ৰেছৰ পিছতে এই নিৰ্বাচনত এঘড়ী যুঁজিবলৈ সাজু হৈছে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF (Nagaon bypoll)।
বিজেপি, কংগ্ৰেছৰ পিছতেই মঙলবাৰে লোকসভা উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে AIUDF-এ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত AIUDF-এ বদৰুদ্দিন আজমলক প্ৰাৰ্থী হিচাবে ঘোষণা কৰিছে। হোজাইত অনুষ্ঠিত দীৰ্ঘ বৈঠকৰ অন্তত দলৰ উপ-সভাপতিয়ে প্ৰাৰ্থী হিচাবে ঘোষণা কৰে বদৰুদ্দিন আজমলৰ নাম।
উল্লেখ্য যে, ২০২৬ৰ বিধানসভা নিৰ্বাচন দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক নিৰ্বাচিত হৈছিল নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। ইয়াৰ পিছৰে পৰা খালী হৈ আছিল নগাঁও লোকসভা সমষ্টিটো।
৬ অক্টোবৰত অনুষ্ঠিত হব লগা নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসকীয় দল বিজেপিয়ে প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীস শৰ্মা আৰু কংগ্ৰেছ দলে প্ৰাক্তন বিধায়িকা শিলামণি বৰাক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।
লগতে পঢ়ক: নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা
