Voice of Eastern India

ৰামানুজ গোস্বামীৰ মৃত্যুক লৈ পিতৃৰ বিস্ফোৰক মন্তব্য


চিকিৎসালয়লৈ নিয়াৰ সময়ত আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই মৃত্যুক সাৱটি লোৱা ৰামানুজ গোস্বামীৰ পিতৃয়ে এক ডাঙৰ মন্তব্য কৰিছে।

ৰামানুজ গোস্বামীৰ মৃত্যুক লৈ তেওঁৰ পিতৃয়ে এক বিস্ফোৰক মন্তব্য দিছে। পিতৃয়ে কয় যে, মই নিজ চকুৰে চাম, অসমৰ সকলো লোকেই চাব ৰামানুজৰ দেহত গুলীৰ চিন আছে নে নাই। ৰামানুজৰ মাতৃ অসুস্থ। কান্দি কান্দি তেওঁৰ অৱস্থা বেয়। মোক মেডিকেল ৰিপৰ্ট দিয়া নাই।

তেওঁ লগতে কয় যে, যিটো ল’ৰাই আত্মসমৰ্পন কৰিছিল সি গাড়ীৰ পৰা জঁপিয়াই দিয়া কথাটো মই বিশ্বাস কৰিব পৰা নাই। সেই কাৰণে মই ৰামানুজৰ মৃতদেহটো চাব বিচাৰো। এই সিদ্ধান্ত মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। গুলীৰ আঘাত নাথাকিলে হে মই মৃতদেহ চমজি ল’ম। তাৰ পিছত মই মৃতদেহ শ্মশানত লৈ গৈ হিন্দু ৰীতি-নীতিৰে সৎকাৰ কৰিম। আৰু যদি ৰামানুজৰ দেহত গুলীৰ চিন দেখিবলৈ পাওঁ,তেতিয়াও মই মৃতদেহটো গ্ৰহণ কৰিম।  

লগতে পঢ়ক: ৰামানুজ গোস্বামীৰ মৃত্যুক লৈ আৰক্ষীৰ প্ৰথম প্ৰতিক্ৰিয়া



Source link

Leave A Reply

Your email address will not be published.