আটাছু’ৰ সভাপতি বসন্ত গগৈৰ প্ৰসংশনীয় পদক্ষেপ
বানপীড়িতক ন্যায় প্ৰদানৰ বাবে আবেদন দাখিল জিলা প্ৰশাসনক
আটাছু’ৰ সভাপতি বসন্ত গগৈৰ পদক্ষেপক শলাগ সচেতন মহলৰ

ABKK Kamarupa, Sivasagar 12 September 2026: যোৱা ১০ ছেপ্তেম্বৰ তাৰিখে শিৱসাগৰ নগৰৰ মাজমজিয়াত সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ নেতৃত্বত বানত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ কাৰণে যি প্ৰতিবাদ হৈছিল, সেই প্ৰতিবাদী কাৰ্যসূচীত আমি যিসকল ভুক্তভোগী ৰাইজে চৰকাৰী আৰ্থিক সাহাৰ্য লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিল, আমি তেখেতলোকক তেওঁলোকৰ উপযুক্ত নথি-পত্ৰ সমূহ আমাৰ হাতত জমা দিবলৈ আমি অনুৰোধ জনাইছিলো। আমাৰ অনুৰোধমৰ্মে প্ৰতিবাদত অংশগ্ৰহণ কৰা চৰকাৰী সাহাৰ্য পুজিৰ পৰা বঞ্চিত হোৱা প্ৰায় ১৪০০০ ৰো অধিক ব্যক্তিয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ আমাৰ হাতত জমা দিয়ে আৰু আমি কালি উক্ত নথি-পত্ৰসমূহ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত গৈ অতিৰিক্ত উপায়ুক্ত মিনাক্ষী পামে বাইদেউৰ হাতত অৰ্পণ কৰো বুলি মত প্ৰকাশ কৰিছে সদৌ আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে।
শিৱসাগৰ জিলা আয়ুক্ত আৰু অসম চৰকাৰৰ তৰফৰ পৰা সঠিক মূল্যাংকন কৰি উক্ত বানপীড়িত ৰাইজক আৰ্থিক সাহাৰ্য প্ৰদান কৰি বানপানীত সৰ্বস্বান্ত লোক সকলক সকাহ প্ৰদান কৰিবলৈ আহ্বান জনাইছে সদৌ আহোম ছাত্ৰ সন্থা আটছুৰ সভাপতি বসন্ত গগৈয়ে।
সদৌ আহোম ছাত্ৰ সন্থা আটাছুৰ এনে সময়োপযোগী সমূহীয়া প্ৰচেষ্টাক সমৰ্থন আৰু ইতিবাচক পদক্ষেপ বুলি শলাগ লৈছে ৰাজ্যৰ সচেতন মহলে।

