ঘৰতে নিজৰ মোবাইলতে অনলাইনত উলিয়াব পাৰিব লাইচেন্স
-এতিয়াৰে পৰা ড্ৰাইভিং লাইচেন্স উলিওৱাৰ বাবে আপুনি DTO কাৰ্যালয়ত যাব নালাগে
-ঘৰতে বহি অতি সহজতে উলিয়াব পাৰিব ড্ৰাইভিং লাইচেন্স
-কোনো দালাল বা আন কোনো লোকক এটকাও দিব নালাগে (Driving License Assam)
-ঘৰতে নিজৰ মোবাইলতে অনলাইনত উলিয়াব পাৰিব লাইচেন্স
-ঘৰতে বহি ২ মিনিটত কৰক আবেদন, ম’বাইলতে লাভ কৰিব ড্ৰাইভিং লাইচেন্স!
-কিদৰে কৰিব আবেদন, চাই লওক সমগ্ৰ প্ৰক্ৰিয়া (Learner License Assam)
১. প্ৰথমে পৰিবহন বিভাগৰ অফিচিয়েল ৱেবছাইট parivahan.gov.in মুকলি কৰক
২. তাত থকা “Drivers/ Learners License” বিকল্পটোত ক্লিক কৰক (Assam Transport Department)
৩. নিজৰ ৰাজ্য (Assam) বাচনি কৰক
৪. ইয়াৰ পিছত “Apply for Learner License” বুটামত ক্লিক কৰি ফৰ্মখন শুদ্ধকৈ পূৰণ কৰক
৫. আপোনাৰ আধাৰ কাৰ্ড (Aadhaar Card)ৰ জৰিয়তে ‘OTP’ দি e-KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক
মনত ৰাখিব, আধাৰ লিংক থাকিলে আপুনি আৰটিঅ’ অফিচলৈ নোযোৱাকৈ ঘৰতে বহি অনলাইন টেষ্ট দিব পাৰিব
৬. জৰুৰী নথিপত্ৰ (প্ৰমাণ পত্ৰ), ফটো আৰু চহী আপলোড কৰক আৰু অনলাইন ফীজ জমা দিয়ক
-দ্বিতীয় ষ্টেপত অনলাইন টেষ্ট আৰু লাৰ্নাৰ লাভ
-আধাৰ কাৰ্ডৰ জৰিয়তে আবেদন কৰিলে ঘৰতে অনলাইন ‘LL Test’ দিব পাৰিব
-পৰীক্ষাত পাছ কৰাৰ লগে লগে আপোনাৰ লাৰ্নাৰ লাইচেন্স ডাউনলোড কৰাৰ লিংক মোবাইললৈ আহি যাব
-তৃতীয় ষ্টেপত স্থায়ী ড্ৰাইভিং লাইচেন্স কিদৰে পাব ?
-লাৰ্নাৰ লাইচেন্স ইছু হোৱাৰ ৩০ দিনৰ পিছৰ পৰা ১৮০ দিনৰ ভিতৰত লাভ কৰিব স্থায়ী লাইচেন্স
-ইয়াৰ বাবে পুনৰ ৱেবছাইটলৈ গৈ “Apply for Driving License”ত ক্লিক কৰিব লাগিব
-লাৰ্নাৰ লাইচেন্স নম্বৰ দি ফৰ্মখন পূৰণ কৰিব লাগিব আৰু ড্ৰাইভিং টেষ্টৰ বাবে এটা দিন বাচনি কৰিব লাগিব
-টেষ্টত পাছ কৰিলে এসপ্তাহৰ ভিতৰত স্পীড প’ষ্টৰ জৰিয়তে ড্ৰাইভিং লাইচেন্স আপোনাৰ ঘৰৰ ঠিকনাত আহি পাব
-কিন্তু আপুনি এইকেইদিন মোবাইল সক্ৰিয় কৰি ৰাখিব
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ নিৰ্দেশ; ৰাজ্যজুৰি ৩০০ তকৈও অধিক প্ৰৱঞ্চকক আটক
