Voice of Eastern India

পথ দুৰ্ঘটনাই কাঢ়ি নিলে চলচ্চিত্ৰ পৰিচালক নিমানন্দ দাসক


মাজুলীত ভয়ংকৰ পথ দুৰ্ঘটনা, অকালতে হেৰাই গ’ল চলচ্চিত্ৰ পৰিচালক নিমানন্দ দাস

অসমৰ সাংস্কৃতিক জগত উকা কৰি চিৰ বিদায় ললে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰনাট্যকাৰ, সমালোচক তথা লেখক নিমানন্দ দাসে। মাজুলীত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে (Nimananda Das Death)।

এটা দ’ খাৱৈত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলতেই দাসৰ বাহনখন দু্ৰ্ঘটনাত পতিত হয়। মাজুলীৰ কমলাবাৰীত সংঘটিত হয় এই ঘটনা (Nimananda Das Accident)।

তেওঁৰ মৃত্যুত পৰিয়ালৰ লগতে ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে। তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বঙাইগাঁৱৰ সৃজনগ্ৰাম অঞ্চলৰ বাসগৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, বাহাৰুল ইছলামৰ পৰিচালনাত নিৰ্মিত ‘আছে নে কোনোবা হিয়াত’ আৰু ‘সৰু বোৱাৰী’ আদি চলচ্চিত্ৰত তেওঁ সহকাৰী পৰিচালক হিচাবে কাম কৰিছিল। তদুপৰি কেইবাখনো টেলিভিছন ধাৰাবাহিকৰ চিত্ৰনাট্যৰ নিখাৰ লগতে পৰিচালনাও কৰিছিল তেওঁ। লগতে কেইবাখনো কাকত-আলোচনীত তেওঁ নিয়মীয়াকৈ লেখা-মেলা কৰিছিল।

শেহতীয়াকৈ অৰণ্য মানৱ খ্যাত যাদৱ পায়েঙৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’বলগীয়া ‘ৰুমায়ুং’ নামৰ চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ বাবে দাস মাজুলীলৈ গৈছিল। চলচ্চিত্ৰখন তেওঁৱেই পৰিচালনা কৰিছিল। ছবিখনত পৱিত্ৰ ৰাভা আৰু ৰাজীৱ কুমাৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

মৃত্যুৰ সময়ত দাসে মাতৃ, পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ গৈছে।

লগতে পঢ়ক: গা ধুবলৈ গৈ একেলগে ৩ যুৱকৰ শোকাৱহ ঘটনা



Source link

Leave A Reply

Your email address will not be published.