Voice of Eastern India

লোক সংস্কৃতি প্ৰদৰ্শন গুৱাহাটী বিশ্ববিদ্যালয়ত

বিভিন্ন জাতি জনজাতিৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন


বিশ্ব লোকসংস্কৃতি দিৱস

ABKK Kamarupa, Jalukbari, 23 August 2026: গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি অধ্যয়ন বিভাগত বিশেষ বৰ্ণাঢ্য কাৰ্যসূচীৰে গৱেষক ফ’ৰাম Folkscape ৰ উদ্যোগত বিশ্ব লোকসংস্কৃতি দিৱস উদযাপন কৰা হয়।

অনুষ্ঠানৰ অংশ হিচাপে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিভাগৰ গৱেষক আৰু শিক্ষাৰ্থীসকলে লোকগীত, বিহু নৃত্য আৰু সত্ৰীয়া নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানটোক জীপাল কৰি তোলে।

ভাৰতীয় জ্ঞান-চৰ্চা, পৰম্পৰা, সংস্কৃতি আৰু লোকঐতিহ্যক গৱেষণা তথা সংৰক্ষণৰ মাজেৰে পৰৱৰ্তী প্ৰজন্মৰ মাজত সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত এই উদযাপনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Leave A Reply

Your email address will not be published.