Voice of Eastern India

বান বিধ্বস্ত শিৱসাগৰত WWE তাৰকা দ্য গ্ৰেট খালী


উজনি অসমৰ বানাক্ৰান্ত পৰিয়ালক সহায় কৰিবলৈ অসমত উপস্থিত হৈছে দ্য গ্ৰেট খালী। শিৱসাগৰৰ প্ৰায় ৪০০ ৰ পৰা ৫০০ বানপীড়িত পৰিয়ালৰ বাবে বিছনা, কম্বল, গাৰু আৰু পানী ফিল্টাৰসহ যাৱতীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ কৰে দ্য গ্ৰেট খালীৱে।

বানে বিধ্বস্ত কৰা শিৱসাগৰত উপস্থিত হ’ল আন্তৰ্জাতিকভাৱে খ্যাতিসম্পন্ন ডব্লিউ ডব্লিউ ই মল্লযুঁজাৰু দ্য গ্ৰেট খালী। উজনিৰ প্ৰলয়ংকাৰী বানত প্ৰভাৱিত লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ অসমলৈ আহিছে দ্য গ্ৰেট খালী।

 ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত, শিৱসাগৰৰ দৰিকাত বানপীড়িত পৰিয়ালসমূহৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে। বানাক্ৰান্তৰ বাবে ঘৰ নিৰ্মাণ, বিছনা আৰু খাদ্য সামগ্ৰী বিতৰণ দ্য গ্ৰেট খালীৰ। উজনি অসমত উপস্থিত হৈ দ্য গ্ৰেট খালীয়ে কয় যে সংকটৰ সময়ত মানুহৰ কাষত থিয় দিয়াটো প্ৰতিজন ব্যক্তিৰে দায়িত্ব।

ট্ৰু ফাউণ্ডেশ্যন, আয়ান ফাউণ্ডেশ্যন আৰু কণ্ঠশিল্পী দীপলিনা ডেকা ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত এই সাহায্য কাৰ্যসূচী গ্ৰহণ কৰা হয়। শিৱসাগৰৰ দৰিকাৰ প্ৰায় ৪০০ ৰ পৰা ৫০০ বানপীড়িত পৰিয়ালৰ বাবে বিছনা, কম্বল, গাৰু আৰু পানী ফিল্টাৰসহ যাৱতীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱস্থা কৰে। গ্ৰাম্য অঞ্চলসমূহৰ প্ৰতি নিজৰ মৰম ব্যক্ত কৰা দ্য গ্ৰেট খালী দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে।

লগতে পঢ়ক: বন সংৰক্ষণত অসমৰ অভিলেখ!



Source link

Leave A Reply

Your email address will not be published.