Voice of Eastern India

কেৱল চৰকাৰী চাকৰি নহয়, কৃষিতো গঢ়ক কেৰিয়াৰঃ মন্ত্ৰী পীযুষ হাজৰীকাৰ আহ্বান


চৰকাৰী চাকৰিৰ মোহ এৰি কৃষি খণ্ডত কেৰিয়াৰ গঢ়াৰ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

কেৱল চৰকাৰী চাকৰিৰ পিছত দৌৰাৰ মানসিকতা ত্যাগ কৰি কৃষি আৰু কৃষি-উদ্যোগিতাক সফল জীৱিকাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ কৃষি স্নাতকসকলক আহ্বান কৃষি মন্ত্ৰী পীযুষ হাজৰীকাৰ (Minister Pijush Hazarika)।

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি মহাবিদ্যালয়ৰ ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক এই আহ্বান জনায় কৃষিমন্ত্ৰীগৰাকীয়ে ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী খণ্ডই সকলো কৃষি স্নাতকক সংস্থাপন দিব নোৱাৰে। সেয়ে ছাত্ৰ-ছাত্ৰীসকলে উদ্ভাৱনী চিন্তাৰে নিজকে সফল কৃষক আৰু কৃষি-উদ্যোগী হিচাপে গঢ়ি তুলিব লাগিব।

উদ্যান শস্য আৰু কৃষি-উদ্যোগত অধিক উপাৰ্জনৰ সুযোগ

মন্ত্ৰী হাজৰীকাই কয় যে পৰম্পৰাগত দৰমহাৰ চাকৰিতকৈ উদ্যান শস্যৰ জৰিয়তে যুৱপ্ৰজন্মই অধিক উপাৰ্জন কৰিব পাৰে। কৃষি কেৱল আৰ্থিকভাৱে পিছপৰা লোকৰ বৃত্তি- এই ধাৰণাও সলনি কৰাৰ প্ৰয়োজন আছে বুলি তেওঁ উল্লেখ কৰে (Assam Agricultural University)।

মন্ত্ৰীগৰাকীয়ে জনায় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ ৫০খন মহাবিদ্যালয়ত কৃষি সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাবে শিক্ষা বিভাগ আৰু কৃষি বিভাগৰ মাজত শীঘ্ৰেই MoU স্বাক্ষৰিত হ’ব।

পাঁচ কোটি ফলৰ পুলি, মাখনা খেতিতো গুৰুত্ব

কৃষি বিভাগে ৰাজ্যজুৰি পাঁচ কোটি মূল্যৰ ফল-মূলৰ পুলি বিতৰণৰ পৰিকল্পনা কৰা বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কৃষি ছাত্ৰ-ছাত্ৰীসকলক মাখানা খেতিৰ প্ৰচাৰত নেতৃত্ব ল’বলৈ আহ্বান জনোৱাৰ লগতে ইয়াক কৃষকৰ উপাৰ্জন বৃদ্ধিৰ এক বিকল্প হিচাপে উল্লেখ কৰে।

ইফালে শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত চাৰিখন জিলালৈ ধানৰ কঠিয়া আৰু উদ্যান শস্যৰ পুলি যোগানৰ কামো দ্ৰুত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। অনুষ্ঠানৰ অন্তত মন্ত্ৰীগৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন গৱেষণা আৰু প্ৰদৰ্শনী প্ৰকল্প পৰিদৰ্শন কৰি কৃষি গৱেষণা আৰু আধুনিক কৃষি পদ্ধতিৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ ভূমিকাৰ প্ৰশংসা কৰে (Assam Agriculture News)।

এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দীপজ্যোতি ৰাজখোৱা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অৰূপজ্যোতি চৌধুৰী, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী আৰু ধীৰাজ গোৱালাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

লগতে পঢ়ক : প্ৰবীণ ৰাজনীতিবিদ হেমেন দাসৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা



Source link

Leave A Reply

Your email address will not be published.