অসমৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাসলৈ ২০২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হয়। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে প্ৰদান কৰে এই বঁটা।
অসমৰো ৫ গৰাকীকৈ শিল্পীক আজি প্ৰদান কৰা হয় সংগীত নাটক অকাডেমী বঁটা। অভিনয়ৰ বাবে চেতনা দাস, কথক নৃত্যৰ বাবে বিপুল চন্দ্ৰ দাস তথা সত্ৰীয়া নৃত্যত থকা অৱদানৰ বাবে প্ৰেম ওজা বৰবায়ন, ড০ মল্লিকা কন্দলী আৰু ভাস্কৰ জ্যোতি ওজাক এই বঁটা প্ৰদান কৰা হয়। বিশিষ্ট অভিনেত্ৰী চেতনা দাসলৈ ২০২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হয়।
অসমীয়া নাট্য আৰু অভিনয় জগতলৈ আগবঢ়োৱা দীৰ্ঘদিনীয়া অৱদানৰ স্বীকৃতি হিচাপে সন্মান লাভ কৰিছে চেতনা দাসে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে প্ৰদান কৰে এই বঁটা।
লগতে পঢ়ক: জুনিয়ৰ এনটিআৰক চিকিৎসালয়ত ভৰ্তি; সম্পন্ন হ’ব অস্ত্ৰোপচাৰ
