কমনৱেলথ গেমছত ৰূপৰ পদক লৈ বক্সিং ৰিঙৰ পৰা উভতি আহিল লাভলীনা বৰগোহাঁই,কিন্তু গ্লাছগোত তেওঁৰ এটা পদক্ষেপে শিৰোনাম দখল কৰিছিল।
কমনৱেলথ গেমছ ২০২৬ত ৰূপৰ পদক বিজয়ী তথা অসম কন্যা লাভলীনা বৰগোহাঁইক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষভাৱে প্ৰশংসা কৰে। এই ভাৰতীয় বক্সাৰগৰাকীয়ে কেৱল পদক অৰ্জন কৰাই নহয়, বৰঞ্চ গ্লাছগোৰ এখন ৰেষ্টুৰেণ্টত ভাৰতৰ ভুল মানচিত্ৰ দেখি তাৰ বিৰুদ্ধে মাতো মাতিছিল। ভাৰতীয় খেলুৱৈসকলৰ সৈতে হোৱা সাক্ষাৎ সম্পৰ্কীয় কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই লাভলীনাৰ পৰা এই ঘটনাটোৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে লাভলীনাৰ এই পদক্ষেপ সাধাৰণ নাছিল আৰু মানুহে ইয়াক দীৰ্ঘদিনলৈ মনত ৰাখিব।
লভলীনাই কমনৱেলথ গেমছৰ মহিলাৰ ৭৫ কেজি ওজনৰ শ্ৰেণীত ৰূপৰ পদক লাভ কৰিছিল। খেলসমূহৰ অন্তত ভাৰতীয় বক্সিং দলটো উৎসৱ উদযাপন কৰিবলৈ গ্লাছগোৰ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল। ইয়াতেই লভলীনাৰ দৃষ্টি ভাৰতৰ এনে এখন মানচিত্ৰত পৰে, য’ত উত্তৰ-পূৰ্বাঞ্চলৰ অংশটো নাইকিয়া হৈ আছিল। লগে লগে বক্সাৰ গৰাকীয়ে অতি নম্ৰভাৱে ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষক কৈছিল যে, আপোনালোকে বেয়া নাপাব। মই দুখিতঃ যে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ ল’গ আৰু নেপকিনত যিখন ভাৰতৰ মেপ ছপোৱা আছে তাত মোৰ উত্তৰ-পূৰ্বাঞ্চলখন নাই।
কমনৱেলথ গেমছৰ পৰা উভতি অহা ভাৰতীয় খেলুৱৈসকলক যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিছিল সেই সময়ত লাভলীনাক ধেমেলীয়া সুৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে সুধিছিল যে, ‘ তাত কি হৈছিল, তুমি সেই ৰেষ্টুৰেণ্টৰ মালিকৰ সৈতে কাজিয়া কৰিছিলা নাকি?’
ইয়াত লাভলীনাই হাঁহি মাৰি সমগ্ৰ ঘটনাটোৰ বিষয়ে কয়। লভলীনাই কয় যে সেয়া আনন্দৰ সময় আছিল আৰু খেলুৱৈসকলে উৎসৱ উদযাপন কৰিবলৈ গৈছিল, কিন্তু ভাৰতৰ ভুল মানচিত্ৰখন দেখি তেওঁৰ ভাল লগা নাছিল। তেওঁ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ ওচৰত নম্ৰভাৱে আপত্তি প্ৰকাশ কৰে আৰু পৰৱৰ্তী সময়ত তাত সংশোধন কৰা হয়। লাভলীনাৰ কথা শুনাৰ পিছত প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ প্ৰশংসা কৰে।
তেওঁ কয় যে বিজয় উৎসৱ উদযাপন কৰাৰ সময়তো দেশৰ মানচিত্ৰৰ গুৰুত্ব অনুধাৱন কৰিব পৰাটো এক বিশেষ কথা। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘খেল শেষ হোৱা আৰু উৎসৱৰ পৰিৱেশৰ মাজতো, সেই সময়তো মানচিত্ৰখনৰ গুৰুত্ব অনুধাৱন কৰিব পৰাটো, মই সঁচাকৈয়ে কৈছোঁ যে সেই ভিডিঅ’টো সাধাৰণ নাছিল। মানুহে ইয়াক বহুত দীৰ্ঘদিনলৈ মনত ৰাখিব।’ প্ৰধানমন্ত্ৰীগৰাকীৰ এই মন্তব্য বিশেষ আছিল কাৰণ তেওঁ লাভলীনাৰ খেলৰ সফলতাৰ লগতে খেলপথাৰৰ বাহিৰত দেখুওৱা সজাগতাৰো প্ৰশংসা কৰিছিল।
লগতে পঢ়ক: ‘যিয়ে খেলিব সি জিলিকিব’—CWG পদক বিজয়ীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
