Voice of Eastern India

অসম-অৰুণাচলৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া


অসম-অৰুণাচল সীমান্তৰ মিংমাং গাঁৱত সংঘটিত হোৱা গুলীচালনা ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব।

অসম-অৰুণাচল সীমান্তৰ মিংমাং গাঁৱত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অসমীয়া লোকলৈ লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা  কৰে। জানিব পৰা মতে, অসমৰ মাটিত অৰুণাচলী দুৰ্বৃত্তইন অবৈধ দখল কৰাৰ বাবে বিৰোধিতা কৰিছিল অসমীয়া লোককেইজনে। মাটি আৰু বেদখলক লৈ সৃষ্টি হোৱা বিবাদৰ পৰিপ্ৰেক্ষিতত মিংমাং বস্তিত হোৱা গুলীচালনাত অসমৰ ১৮ গৰাকী লোক আহত হয়।

এই ঘটনা সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশল কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ইতিমধ্যে এই ঘটনাটোৰ সন্দৰ্ভত অসমৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবে আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বাবে আমি নিশ্চিত ভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল’ব লাগিব। মই অসম আৰক্ষীক নিৰ্দেশ দিছো যে কোনো কাৰণতে যাতে অসমৰ মাটি আমি কাকো এৰি দিব লগা নহয়।সীমান্তত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়ক: ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ



Source link

Leave A Reply

Your email address will not be published.