বন্যাৰ্তসকলে যাতে সময়মতে বীমাৰ ধন লাভ কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৫ আগষ্টত বীমা প্ৰতিষ্ঠানসমূহৰ সৈতে এক বৈঠকত মিলিত হ’ব।
উজনি অসমৰ বন্যাৰ্তসকলে যাতে সময়মতে বীমাৰ ধন লাভ কৰে আৰু কোনো বৈধ দাবীৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৫ আগষ্টত বীমা প্ৰতিষ্ঠানসমূহৰ সৈতে এক বৈঠকত মিলিত হ’ব।
এই বৈঠকত বিশেষকৈ বাহন আৰু মটৰ বীমাৰ দাবী নিষ্পত্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে বীমা প্ৰতিষ্ঠানসমূহক কোনো ধৰণৰ অপ্ৰয়োজনীয় পলম বা অৱহেলা নকৰাকৈ দাবীসমূহ ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও সমগ্ৰ ৰাজ্যজুৰি শেহতীয়া বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সামগ্ৰিক সকাহ প্ৰদানৰ বাবে গৰু-ম’হ আদি পশুধনৰ বীমা আৰু জীৱন বীমাৰ সম্পৰ্কতো আলোচনাত কৰিব।
ইয়াৰ উপৰিও, বানপীড়িতসকলৰ বাবে বিত্তীয় সকাহৰ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে একেটা দিনতে অ-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ (NBFC) সৈতেও বৈঠকত বহিব। ক্ষতিগ্ৰস্ত ঋণগৃহীতাসকলৰ বিত্তীয় বোজা হ্ৰাস কৰাৰ উদ্দেশ্যে সম্প্ৰতি ঘোষণা কৰা ঋণ পৰিশোধৰ ছয় মহীয়া স্থগিতাদেশ (মরোটৰিয়াম) কাৰ্যকৰী কৰাৰ বিষয়ে এই বৈঠকত পৰ্যালোচনা কৰা হ’ব।
এই পদক্ষেপ হৈছে বানপীড়িত পৰিয়ালসমূহক দ্ৰুত বিত্তীয় সাহায্য, বীমাৰ দাবী নিষ্পত্তি আৰু ঋণৰ ক্ষেত্ৰত সকাহ প্ৰদানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ব্যাপক প্ৰচেষ্টাৰ অংশ।
লগতে পঢ়ক: বানাক্ৰান্তৰ বেংক ঋণক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা
