Voice of Eastern India

বানাক্ৰান্তৰ বেংক ঋণক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা


উজনি অসমৰ চাৰিখন জিলাত প্ৰলয়ংকাৰী বানৰ ফলত শেষ হ’ল সকলে। তাৰ পিছতেই এতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত লোকৰ বাবে এক ডাঙৰ সকাহ দিছে।

বন্যাৰ্তৰ বেংকৰ ঋণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বানগ্ৰস্ত অঞ্চলৰ ঋণগ্ৰস্তসকলৰ বাবে সকাহমূলক আচঁনি প্ৰস্তুত কৰা হৈছে।মুখ্যমন্ত্ৰীয়ে ৬ মাহৰ moratorium ঘোষণা কৰিছে। বানপীড়িত জিলা চাৰিখনৰ বান প্ৰভাৱিত লোকৰ বাবে প্ৰযোজ্য হ’ব এই নিয়ম।বন্যাৰ্তৰ ঋণ সন্দৰ্ভত বেংকসমূহৰ সৈতে ইতিমধ্যে আলোচনা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, গৃহ, শিক্ষা আৰু কাৰ ঋণ লাভকাৰী সকলে অহা ৬ মাহলৈ ঋণ ঘূৰাই দিব নালাগে। ৬ মাহৰ পিছতো ১ বছৰলৈ ঋণ ঘূৰাই দিয়া ম্যাদ বৃদ্ধি।শিৱসাগৰ আৰু চৰাইদেউ জিলাত ৩.১৮ লাখ এক্টিভ বেংক একাউণ্ট আছে। বৰ্তমান বেংকত প্ৰায় ১১ লাখ লোকৰ ঋণ আছে। যিসকলৰ একাউণ্ট NPA হোৱা নাই তেওঁলোকে এই আঁচনিৰ সুবিধা পাব।কিন্তু  যিসকলৰ বেংক একাউণ্ট NPA হৈ আছে তেওঁলোকে এই সুবিধা নাপাব

আনহাতে ক্ষুদ্ৰ দোকানীসকলৰ বাবে পুনৰবাৰ ১০ হাজাৰ টকা ঋণ প্ৰদান কৰা হ’ব। ইয়াৰ বাবে কোনো নতুন mortgageৰ প্ৰয়োজন নহ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

লগতে পঢ়ক: “দিল্লীৰ ৰাইজ আৰু চৰকাৰ অসমৰ কাষত দৃঢ়তাৰে থিয় দিব”;  মুখ্যমন্ত্ৰীক আশ্বাস ৰেখা গুপ্তাৰ



Source link

Leave A Reply

Your email address will not be published.