Voice of Eastern India

উজনিৰ বানপীড়িত বাবে ডাঙৰ পদক্ষেপ, ১২৬ গৰাকী বিধায়কে আগবঢ়াব এমাহৰ দৰমহা


উজনিৰ বানপীড়িতৰ বাবে নিজৰ এমাহৰ দৰমহা আগবঢ়াব ৰাজ্যৰ ১২৬ গৰাকী বিধায়কে । লগতে সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলেও তেওঁলোকৰ এদিনৰ দৰমহা আগবঢ়াব বুলি উল্লেখ কৰে ।

উজনিত বানে সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিৱেশ । হঠাতে অহা বলিয়া বানে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ অলেখ জনক কৰি গ’ল সৰ্বস্বান্ত, নিথৰুৱা । বান পৰিস্থিতি শেহতীয়াকৈ কিছু কমিছে যদিও কমা নাই বন্যাৰ্তৰ দুদৰ্শা । এটুপি খোৱা পানীৰ বাবেও হাহাকাৰ এইসকল বানপীড়িত লোকৰ কাষত থিয় দিছে অজস্ৰ হৃদয়ৱান লোক আৰু বেচৰকাৰী দল-সংগঠন । ইয়াৰ মাজতে বন্যাৰ্তসকলৰ বাবে বিশেষ ঘোষণা কৰিছে ৰাজ্যৰ ১২৬ গৰাকী বিধায়কে ।

চলিত বাজেট অধিৱেশনতে মঙলবাৰে আটাইকেইগৰাকী বিধায়কে উজনিৰ বন্যাৰ্তলৈ নিজৰ এমাহৰ দৰমহা বান সাহায্য আৰু পুনৰসংস্থাপনৰ বাবে দান কৰিব বুলি সহমত পোষণ কৰে ।

অধ্যক্ষ আৰু উপাধ্যক্ষৰ পদক্ষেপ: বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস আৰু উপাধ্যক্ষ হাব্বে টেৰণে নিজৰ এমাহৰ দৰমহা দান কৰিব বুলি ঘোষণা কৰে ।

চৰকাৰী পক্ষৰ সমৰ্থন: সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকাই বিজেপিৰ সকলো বিধায়কৰ হৈ এই কথা আদৰণি জনাই নিশ্চিত কৰে ।

বিৰোধীৰ সঁহাৰি: বিৰোধী দলৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে জনায় যে কংগ্ৰেছে ইতিমধ্যে বান সাহায্যৰ কাম কৰি আছে আৰু তেওঁলোকৰ সকলো বিধায়কেও এমাহৰ দৰমহা দান কৰিব ।

অন্যান্য দলৰ অৱদান: TMCৰ একমাত্ৰ বিধায়ক শ্বেৰমান আলী, AGPৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, আৰু BPFৰ বিধায়ক পানীৰাম ব্ৰহ্মই নিজ নিজ দলৰ সকলো বিধায়কে দৰমহা আগবঢ়াব বুলি নিশ্চিত কৰে ।

আজমলৰ ডাঙৰ বৰঙণি: AIUDFৰ বিধায়ক মজিবুৰ ৰহমানে কয় যে তেওঁলোকৰ বিধায়কসকলেও দৰমহা দান কৰিব । উল্লেখ্য যে, ইতিমধ্যে চৰাইদেউ আৰু শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি AIUDF-ৰ মুৰব্বী বদৰুদ্দিন আজমলে নিজাকৈ ২ কোটি টকা দান কৰিছে ।

ইফালে বিধানসভা সচিবালয়ৰ সকলো বিষয়া-কৰ্মচাৰীয়েও নিজৰ এদিনৰ দৰমহা বন্যাৰ্তসকলৰ সাহাৰ্যৰ বাবে দান কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকলে পাব উপযুক্ত সাহাৰ্য



Source link

Leave A Reply

Your email address will not be published.