Voice of Eastern India

‘শিৱসাগৰ, নাজিৰাৰ প্ৰায় ৮০ হাজাৰ বানাক্ৰান্তৰ ওচৰলৈ চৰকাৰ যাব পৰা নাই’; মুখ্যমন্ত্ৰী


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চৰকাৰে এতিয়ালৈকে নাজিৰাত প্ৰায় ৫০ হাজাৰ আৰু শিৱসাগৰৰ ৩০ হাজাৰ লোকৰ কাষ চাপিব পৰা নাই কাৰণ ভয়ংকৰ বানপানীয়ে উজনি অসমৰ এক বৃহৎ অংশ বিচ্ছিন্ন কৰি ৰাখিছে।

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বান বিভীষিকা। বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,’এইটো এটা কোনো দিনে আমি নেদেখা প্ৰাকৃতিক দুৰ্যোগ। এইবাৰ নদীয়ে বানপানী সৃষ্টি কৰা নাই। এই বান বৰষুণে সৃষ্টি কৰিছে’। এই ভয়াৱহ বান পৰিস্থিতিৰ বুজ লৈছে কেন্দ্ৰীয় চৰকাৰে। কাইলৈ কেন্দ্ৰীয় প্ৰতিনিধিৰ দল অসমলৈ আহিব।দলটোৱে সকলো ক্ষয়-ক্ষতিৰ বুজ ল’ব। ইতিমধ্যে ধেমাজি আৰু লখিমপুৰৰ বানৰ ক্ষতিৰ বুজ লৈছে কেন্দ্ৰই। আৰু এইবাৰ চৰাইদেউ আৰু শিৱসাগৰৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহিব দলটো।

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতক লৈ মুখ্যমন্ত্ৰীৰ গৰাকীয়ে লগতে কয় যে,  শিৱসাগৰত ৫টা ৰাজহ চক্ৰৰ ৩৩৩খনকৈ গাঁও বানত আক্ৰান্ত হৈছে।৫লাখ, ৩০ লাখ লোক বানৰ কৱলত পৰিছে। শিৱসাগৰ , নাজিৰাৰ প্ৰায় ৮০ হাজাৰ বানাক্ৰান্তৰ ওচৰলৈ এতিয়াও চৰকাৰ যাব পৰা নাই।বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এই অঞ্চলসমূহ এতিয়াও দুৰ্গম হৈয়েই আছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে উদ্ধাৰকাৰী দলসমূহে জলবন্দী গাঁওসমূহত প্ৰৱেশ কৰিবলৈ সকলো ধৰণৰ চেষ্টা চলাই আছে আৰু আশা প্ৰকাশ কৰে যে আৱদ্ধ হৈ থকা বাকী লোকসকলৰ ওচৰলৈ অতি সোনকালে যাব।

ইফালে, বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি পোৱা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে নিশ্চিত কৰে আৰু কেবাগৰাকীও লোক নিৰুদ্দেশ হৈ থকাৰ বাবে এই সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বানপানীয়ে বিভিন্ন জিলাৰ বিদ্যুৎ সৰবৰাহ ব্যৱস্থা ব্যাহত কৰাৰ ফলত ৬০,০০০ তকৈও অধিক পৰিয়াল এতিয়াও বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আছে।

লগতে পঢ়ক: দিনৰ ২ বজাত  মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক



Source link

Leave A Reply

Your email address will not be published.